পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহতৰ পৰিয়ালক সাক্ষাৎ জে পি নাড্ডাৰ...

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাদনাবিছে শনিবাৰে পুনেত পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহত কৌস্তুভ গনবোটে আৰু সন্তোষ জগদলেৰ

New Update
GpeL5gXWkAELvhQ

ডিজিটেল ডেস্ক : বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাদনাবিছে শনিবাৰে পুনেত পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহত কৌস্তুভ গনবোটে আৰু সন্তোষ জগদলেৰ পৰিয়ালক সাক্ষাৎ কৰে। ইয়াৰ পাছতে সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

Advertisment

ফাদনাবিছে সদৰি কৰে যে, "এই আক্ৰমণৰ পৰিপ্ৰেক্ষিতত পাকিস্তানী নাগৰিকক ভাৰতৰ পৰা খেদি পঠিওৱাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। মহাৰাষ্ট্ৰত অধিক সময় থকা ব্যক্তিৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব" বুলিও তেওঁ উল্লেখ কৰে।

সাংবাদিকৰ আগত তেওঁ লগতে কয়, "নিহতসকলৰ পৰিয়ালৰ সদস্যক লগ পাইছো। আছাৱৰী জগদলে (সন্তোষ জগদালেৰ কন্যা)ই কৰা ঘটনাৰ বৰ্ণনা যন্ত্ৰণাদায়ক। সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ আমাৰ সংকল্প আৰু অধিক শক্তিশালী হৈছে। মহাৰাষ্ট্ৰৰ পৰা অহা ছয়টা পৰিয়ালক সহায় আগবঢ়োৱা হ'ব" বুলিও তেওঁ উল্লেখ কৰে।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে জে পি নড্ডাই মৃতকৰ আত্মাৰ সদগতিৰ বাবে গণপতি মন্দিৰত প্ৰাৰ্থনা কৰে। সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত তেওঁ উল্লেখ কৰে যে, "পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে দায়ী লোকসকলক ভাৰতে উপযুক্ত উত্তৰ দিব।'

জে পি নড্ডা