/asomiyapratidin/media/media_files/2024/12/01/KaOgcSz3Be1gI5W721HQ.jpg)
ডিজিটেল সংবাদ,কচুৱাঃ নগাঁৱৰ কচুৱাত ভাৰতীয় জনতা পাৰ্টীৰ বৃহৎ যোগদান কাৰ্যসূচী। ৬১ নং ৰহা বিধানসভা সমষ্টিৰ চাপৰমুখ-গৰুবাট মণ্ডলৰ উদ্যোগত বিজেপি দলৰ বৃহৎ যোগদান কাৰ্যসূচীৰ এখনি ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায় ৷
দিপক তামুলীয়ে সঞ্চালনা কৰা সভাখনত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আব্দুৰ ৰহিম আৰু ৰহা সমষ্টি কমিটিৰ এ আই ইউ ডি এফ দলৰ প্ৰাক্তন সভাপতি জহুৰ আলীৰ নেতৃত্বত কংগ্ৰেছৰ ১০০ আৰু এ আই ইউ ডি এফৰ পৰা প্ৰায় ৩০০ পুৰুষ-মহিলাই আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে।
ৰহাৰ বিধায়ক শশীকান্ত দাসৰ জনপ্ৰিয়তা আৰু উন্নয়নৰ সমতা দেখি আব্দুৰ ৰহিম আৰু জহুৰ আলীয়ে বিজেপি যোগদান কৰে বুলি মন্তব্য কৰে ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপিয়ে ৰাজ্যখনৰ সৰ্বধৰ্মী লোকক সামৰি ব্যাপক উন্নয়নৰ জোৱাৰ আনিব বুলি দলটোৰ জ্যেষ্ঠ নেতা তথা নগাওঁ জিলা বিজেপি সমিতিৰ উপ সভাপতি সুৱৰ্ণ সিং আৰু সংখ্যালঘু মৰ্চাৰ সভাপতি নুৰ উদ্দিনে বক্তব্য ৰাখে ৷
সভাত দলটোৰ সাংগাঠনিক দিশত অবিচি মৰ্চাৰ নিতুল বৰা,অনুসূচীত জনজাতি মৰ্চাৰ সঞ্জিত দেউৰী, কৃষক মৰ্চাৰ লক্ষ্যধৰ মেধি,ৰাজ্যিক বিজেপিৰ সদস্য উত্তম দাস আৰু নগাওঁ জিলা পৰিষদৰ উপ সভাপতি প্ৰমোদ লস্কৰে বক্তব্য ৰাখে ৷ উদীয়মান যুৱনেতা মতিউৰ ৰহমানে আঁত ধৰা সভাখনত সমাজ সেৱক উমৰ আলী,ফৰিদ উদ্দিন তালুকদাৰ,জুঠন দেৱনাথকে আদি কৰি বহু বিজেপি কৰ্মী আৰু সমাজৰ বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে।