ডিজিটেল ডেস্কঃ মহানগৰীৰ পাণ্ডুত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। মালিগাঁৱৰ শংকৰ নগৰত উদ্ধাৰ হয় বিজেপি মণ্ডল সভাপতিৰ মৃতদেহ। মূৰত আঘাতপ্ৰাপ্ত অৱস্থাত ঘৰৰ সমীপত উদ্ধাৰ হয় বিজেপিৰ জালুকবাৰী মণ্ডলৰ সভাপতি কমল দে'ক।
প্ৰাতঃভ্ৰমণত যোৱা লোকে পথৰ সমীপত তেওঁক মূমূৰ্ষ অৱস্থাত প্ৰত্যক্ষ কৰি ততাতৈয়াকৈ স্বাগত হাস্পতালত ভৰ্তি কৰাই যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। মৃতদেহতো মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰিছে। জানিব পৰা মতে, মূৰত আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ হৈছিল কমল দে।
মৃতকৰ পাণ্ডুস্থিত বাসগৃহত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। ইতিমধ্যে ঘটনাস্থলিত উপস্থিত হৈছে মহানগৰীৰ নৱ নিযুক্ত আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্ত। নিশা ঘৰলৈ উভতাৰ পথত দুৰ্বৃত্তই হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। মৰণোত্তৰ পৰীক্ষা তথা ঘটনাৰ তদন্তৰ পাছত হে কমল দে'ৰ মৃত্যুৰ ৰহস্য ফাদিল হ'ব।