Advertisment

মানসিক ভাৰসাম্যহীন কংগ্রেছ বৌদ্ধিকদৈন্যতাত আক্রান্ত: বিজেপি

ৰাজ্যিক বিজেপিৰ মুখপাত্র ৰঞ্জীৱ কুমাৰ শৰ্মাই মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা প্ৰেৰণ কৰা এক বিবৃতিত কংগ্ৰেছ দলক তীব্র ভাষাৰে সমালোচনা কৰি এনেদৰে মত পোষন কৰে।

author-image
Asomiya Pratidin
New Update
cvv

ডিজিটেল সংবাদ,গুৱাহাটী: "সংবিধানক লৈ ঘৰিয়ালৰ চকুপানী টুকিবলৈ আৰম্ভ কৰিছে কংগ্ৰেছ
দলে। বিভ্রান্তি, অপবাখ্যা, অপপ্রচাৰ আদি বিয়পাই কংগ্ৰেছ দলে সমাজত এক অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰাৰ কাৰণে চেষ্টা চলাই থকা দেখা গৈছে” এই মন্তব্য ভাৰতীয় জনতা পার্টি, অসম প্ৰদেশৰ। দলৰ ৰাজ্যিক মুখপাত্র ৰঞ্জীৱ কুমাৰ শৰ্মাই মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা প্ৰেৰণ কৰা এক বিবৃতিত কংগ্ৰেছ দলক তীব্র ভাষাৰে সমালোচনা কৰি এনেদৰে মত পোষন কৰে।

Advertisment

উল্লেখযোগ্য যেজিলাৰ সদৰ ২০২৫ চনৰ ২৬ জানুৱাৰীৰ দিনা সংবিধান প্রণয়নৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে সমগ্র দেশত বর্তমান সংবিধান গৌৰৱ অভিযান চলি আছে। এই অভিযানৰ অংশ হিচাপে ভাৰতীয় জনতা পার্টিয়ে প্রতিটো  স্থানত নাগৰিক সভাপাতি সংবিধান প্রণেতা ভাৰতৰত্ন বাবা চাহেব ভীমৰাও আম্বেদকাৰে ৰাষ্ট্ৰ নিৰ্মানৰ বাবে আগবঢ়োৱা বিশাল অৱদানৰ বিষয়ে দেশৰ জনসাধাৰণক বিশেষকৈ যুৱ প্ৰজন্মক স্মৰণ কৰাই আছে।

 এই কার্যক্রমে কংগ্ৰেছ দলৰ চকুৰ টোপনি নোহোৱা কৰা বুলি ৰাজ্যিক বিজেপিৰ মুখপাত্র জনে মত প্রকাশ কৰে। উল্লেখযোগ্য যে দেশৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনত পণ্ডিত জৱাহৰলাল নেহেৰু আৰু কমিউনিষ্ট নেতাৰ ডাংগেৰ ষড়যন্ত্ৰৰ বাবেই দেশৰ সংবিধান প্রণেতা ভীমৰাও আম্বেদকাৰ নিৰ্বাচনত পৰাজিত হৈছিল। ইচ্ছা কৰা হ'লে নেহেৰুৰ কংগ্ৰেছে বিনা প্রতিদ্বন্দিতাৰে আম্বেদকাৰক জিকোৱাই আনিব পাৰিলেহেতেন।

কিয়নো ভাৰতীয় জনসংঘকে ধৰি আন কোনো দলে আম্বেদাকৰৰ বিৰুদ্ধে প্রার্থী থিয় কৰেৱা নাছিল। দেশৰ পিচপৰা আৰু দলিতসমাজৰ প্ৰতি কোনোধৰণৰ দায়বদ্ধতা নথকা তথা সমাজৰ অনগ্ৰসৰ লোকৰ উন্নয়নৰ বাবে অহোপুৰুষাৰ্থ কৰা আম্বেদকাৰৰ প্ৰতি সম্মান নথকাৰ বাবেই নেহেৰুৰ কংগ্ৰেছে ষড়যন্ত্র মূলক ভাবে মহান ৰাষ্ট্ৰ নিৰ্মাতা গৰাকীক নিৰ্বাচনত পৰাজিত কৰিছিল বুলি ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই অভিযোগ কৰে।

শ্রীশৰ্মাৰ মতে সংবিধানক লৈ ঘৰিয়ালৰ চকুপানী টুকা কংগ্ৰেছে ১৯৫১ চনৰ ১৮ জুনৰ দিনা সংবিধানৰ প্ৰথমটো সংশোধন কৰি নাগৰিকৰ অভিব্যক্তি প্ৰকাশৰ অধিকাৰ আৰু বাক স্বাধীনতাক সীমিত কৰি দিছিল। ইয়াৰ পৰবৰ্তী সময়তো কংগ্ৰেছে নিজৰ ৰাজনৈতিক মুনাফা লুটাৰ বাবেই বাৰে বাৰে সংবিধানক সংশোধন কৰি বাবাচাহেব আম্বেদকাৰৰ আত্মাক হত্যা কৰাৰ গুৰুতৰ অভিযোগ তোলে।

 ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই এই সন্দৰ্ভত কয়- “১৯৭৫ চনত জৰুৰীকালীন অৱস্থা জাপি দি কংগ্ৰেছ দলে দেশৰ স্বতন্ত্র সাংবিধানিক অনুষ্ঠান প্রতিষ্ঠান আদিক অপ্রাসংগিক কৰি তুলিছিল। দেশৰ সকলো বিৰোধী দলৰ নেতাক গ্ৰেপ্তাৰ কৰি ৰাজনৈতিক দলৰ কাৰ্যালয়ত তলা ওলমাই দিছিল। সংবিধান সংশোধন কৰি আম্বেদকাৰৰ প্ৰস্তাৱনাকো সলনি কৰি দিয়া হৈছিল। দেশৰ ন্যায় ব্যৱস্থাক অপ্রাসংগিক কৰি তুলি সমগ্র দেশৰ সংবাদ মাধ্যমৰ ওপৰত চেনশ্বৰশ্বিপ জাপি দিয়া হৈছিল। এতিয়া এই কংগ্রেছেই পকেটত সংবিধান লৈ গনতন্ত্ৰৰ কথা কয়"।

ভাৰতীয় জন জীৱনৰ বাবে কংগ্ৰেছৰ মুখত সংবিধান আৰু গনতন্ত্ৰৰ কথা আটাইতকৈ ডাঙৰ জুমলাৰ বাহিৰে আন একো নহয় বুলি ৰাজ্যিক বিজেপিৰ মুখপাত্র শ্রীশর্মাই কয়। উল্লেখয্যোগ্য যে ২৪ জানুৱাৰীৰ দিনা প্রদেশ কংগ্ৰেছৰ নেতা ৰিপুন বৰা আৰু ভূপেন বৰাই জৰুৰীকালীন অৱস্থাৰ সমর্থনত বক্তব্য আগবঢ়োৱা দেখা গৈছিল।

কংগ্রেছ নেতা দুজনে জৰুৰীকালীন অৱস্থাক সমর্থন কৰি আম্বেদকাৰৰ চিন্তাধাৰা আৰু গনতান্ত্রিক প্রমূল্যবোধক অস্বীকাৰ কৰাৰ লগতে সামাজিক ন্যায়ক হত্যা কৰি সমাজত অৰাজকতা বিয়পাবলৈ প্ৰয়াস কৰা দেখা গৈছে বুলি ৰাজ্যিক বিজেপিৰ মুখপাত্র গৰাকীয়ে অভিযোগ কৰে। শ্রী শৰ্মাৰ মতে এনে কাৰ্য্যৰ জৰিয়তে কংগ্ৰেছ নেতৃত্বই নিজৰ মানসিক ভাৰসাম্যহীনতা আৰু বৌদ্বিকদৈন্যতাক উলংগ ৰূপত জনসাধাৰণ আগত তুলি ধাৰিছে।

বিজেপি