/asomiyapratidin/media/media_files/2025/07/19/ccccccccccccc-2025-07-19-15-44-47.jpg)
সোণাপুৰৰ মে’ফেয়াৰ ৰিজৰ্টত বিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠক
ডিজিটেল সংবাদ, সোণাপুৰঃ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে ৰণকৌশল প্ৰস্তুত কৰাৰ লক্ষ্যৰে ভাৰতীয় জনতা পাৰ্টিয়ে এখন দুদিনীয়া গুৰুত্বপূর্ণ বৈঠকৰ আয়োজন কৰিছে। এই বৈঠকত ৰাজ্যৰ প্ৰায় সকলো মন্ত্ৰী, বিধায়ক তথা উচ্চ পৰ্যায়ৰ নেতাসকলৰ উপস্থিতি নিশ্চিত হৈছে বুলি সূত্ৰৰ জৰিয়তে জানিব পৰা গৈছে।
বৈঠকখন সোণাপুৰস্থিত মে’ ফেয়াৰ ৰিজৰ্টত অনুষ্ঠিত হ’ব, য’ত ইতিমধ্যে একাংশ মন্ত্ৰী-বিধায়কে উপস্থিত হৈছে। দলীয় সূত্ৰে জনোৱা মতে, এই বৈঠকত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাও অংশগ্ৰহণ কৰিব।