/asomiyapratidin/media/media_files/2025/02/08/W42GyRW7oD5zaqGRfxTU.png)
ডিজিটেল ডেস্কঃ ২৭ বছৰতকৈও অধিক সময়ৰ অন্তত দিল্লীত চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে ভাৰতীয় জনতা পাৰ্টী। নিৰ্বাচন আয়োগৰ শেহতীয়া তথ্য অনুসৰি ৭০খন বিধানসভা আসনৰ ৪৮খন আসনে দখল কৰিছে বিজেপিয়ে। ইয়াৰ বিপৰীতে ২২ খন আসনেৰে থমকি ৰ'ল আম আদমী পাৰ্টী। আনহাতে দিল্লীত শূণ্য ফলাফলেৰে হেট্ৰিক কৰে কংগ্ৰেছে।
প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক জনতাই নতুন দিল্লীৰ ৰাজপাটৰ পৰা উৎখাত কৰাৰ বিপৰীতে ৪০৮৯ টা ভোটৰ ব্যৱধানত বিজেপিৰ পৰৱেশ বাৰ্মাই বিজয়ৰ ধ্বজা উৰুৱাই। ইফালে, দিল্লী বিধানসভা নিৰ্বাচনৰ দ্বাদশ ৰাউণ্ডৰ গণনাৰ শেষত বিজেপিৰ প্ৰতিদ্বন্দ্বী ৰমেশ বিধুৰিক ৩৫২১ টা ভোটত পৰাস্ত কৰি কলকাজী আসনৰ পৰা জয়লাভ কৰে মুখ্যমন্ত্ৰী আতিশী মাৰ্লেনাই।
প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা আপৰ জ্যেষ্ঠ নেতা মনীষ ছিছ’দিয়াই জাংপুৰাত পৰাজয় স্বীকাৰ কৰি বিজেপিয়ে অঞ্চলটোৰ জনসাধাৰণৰ কল্যাণৰ বাবে কাম কৰিব বুলি আশা প্ৰকাশ কৰে। আনহাতে বৃহত্তৰ কৈলাশত আপৰ সৌৰভ ভৰদ্বাজে বিজেপিৰ শিখা ৰায়ৰ হাতত ৩১৮৮টা ভোটত পৰাস্ত হয়।
উল্লেখ্য যে, দিল্লীৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে ৪৫.৫ শতাংশ ভোট পাবলৈ সক্ষম হোৱাৰ বিপৰীতে আম আদমী পাৰ্টীয়ে ৪৩.৫৭ শতাংশ, ভাৰতীয় জনতা কংগ্ৰেছে ৬.৩৪ শতাংশ, জনতা দলে ১.০৬ শতাংশ, সৰ্বভাৰতীয় মজলিছ-ই-ইত্তেহাদুল মুছলীম দলে ০.৭৭ শতাংশ ভোট লাভ কৰে।
ইয়াৰ লগে লগে অন্য দলসমূহ যেনে- বহুজন সমাজ পাৰ্টীয়ে ০.৫৮ শতাংশ,লোকজন সমাজ পাৰ্টীয়ে ০.৫৩ শতাংশ, জাতীয়তাবাদী কংগ্ৰেছ দলে ০.০৬ শতাংশ,ভাৰতীয় কমিউনিষ্ট পাৰ্টীয়ে ০.০২ শতাংশ, ভাৰতীয় কমিউনিষ্ট পাৰ্টী (মাৰ্ক্সবাদী)য়ে ০.০১ শতাংশ, ৰাষ্ট্ৰীয় লোক জনশক্তি পাৰ্টীয়ে ০.০১ শতাংশ ভোট লাভ কৰে।
ৰাজধানীৰ নিৰ্বাচনত ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী–লেনিনবাদী) মুক্তি, অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লকে এটাও ভোট পাবলৈ সক্ষম নহ'ল।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, আজিৰ ভোটগণনাত 'ন'টা' ই লাভ কৰিলে ০.৫৭ শতাংশ ভোট।
ইফালে দিল্লী বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে জয়লাভ কৰা পাছতে সমগ্ৰ দিল্লীত বিজেপি কৰ্মীসকলে আৱতৰীয়া দীপাৱলী উদযাপন কৰা পৰিলক্ষিত হয়। বিজয় উল্লাসৰ সময়ছোৱাত দলীয় সমৰ্থকসকলক সম্বোধন কৰিবলৈ দলৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।