/asomiyapratidin/media/media_files/2025/05/16/9rAIYTrOLVdruBelRzBx.jpeg)
সোণাপুৰত বিজেপিৰ বিজয় উৎসৱ
ডিজিটেল সংবাদ, সোণাপুৰঃ সোণাপুৰত বিজেপিৰ বিজয় উৎসৱ। পঞ্চায়ত নিৰ্বাচনত বিজয়ী প্ৰাৰ্থী সকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যৰে এই বিজয় উৎসৱ অনুষ্ঠিত কৰা হয়। সোণাপুৰৰ যোগদল প্ৰেক্ষাগৃহত অনুষ্ঠিত এই বিজয় উৎসৱৰ লগত সংগতি ৰাখি উলিওৱা হয় এক দিঘলীয়া শোভাযাত্ৰা।
জনপ্ৰিয় কণ্ঠশিল্পী খগেন গগৈ, সদানন্দ গগৈ, ৰঞ্জিত গগৈ, দিশপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা, প্ৰাক্তন সাংসদ কুইন ওজা, মেয়ৰ মৃগেন শৰণীয়া, অগপৰ সাধাৰণ সম্পাদক ড° তপন দাসকে মুখ্য কৰি কেইবাজনো বিশিষ্ট ব্যক্তিৰ অংশগ্ৰহণৰে অনুষ্ঠিত এই বিজয় উৎসৱত পঞ্চায়ত নিৰ্বাচনৰ বিজয়ী প্ৰাৰ্থীসকলক অভিনন্দন আৰু সম্বৰ্ধনা জনোৱা হয়।