/asomiyapratidin/media/media_files/2025/04/18/Z5PHiihSMwu7QzN0qeym.png)
ডিজিটেল সংবাদ, শিলচৰ : কাছাৰৰ লক্ষীপুৰ সমষ্টিৰ দুখন জিলা পৰিষদ আৰু ১৯ খন আঞ্চলিক পঞ্চায়তত নিৰ্বাচনৰ পূৰ্বেই বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী হৈছে বিজেপি প্ৰাৰ্থী। সমষ্টিটোৰ চাৰিখন জিলা পৰিষদৰ ভিতৰত দুখনে জয়ী হৈছে বিজেপি প্ৰাৰ্থী।
উল্লেখযোগ্য যে, বৰথল - হৰিনগৰ আসনত জয়ী হৈছে বিজেয়তা মহাতো। একেদৰে লক্ষীপুৰ - দিলখুছ আসনত সীমা দেব জয়ী হৈছে। আনহাতে, সমষ্টিটোৰ অন্তৰ্গত মুঠ ৩১ খন পঞ্চায়তৰ আসনৰ ভিতৰত ১৯ খন আসনত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে বিজেপি প্ৰাৰ্থী।