/asomiyapratidin/media/media_files/2025/07/12/fdfdfdfrdf-2025-07-12-10-37-42.jpg)
ডিজিটেল সংবাদ, কামপুৰঃ শুকুৰবাৰে ৰহা সমষ্টিৰ পাখিমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত কচুৱাৰ জুৰিৰপাৰ গাওঁ পঞ্চায়তৰ গঠন আৰু শপত গ্ৰহণ শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হয়। সৰ্বসন্মতি ক্ৰমে নৱ নিৰ্বাচিত সদস্য সদস্যাসকলে ৰুণা লাইলাক সভানেত্ৰী আৰু বাবৰ আলীক উপ-সভাপতি হিচাপে নিৰ্বাচিত কৰে।
দুয়ো গৰাকীক প্ৰাৰ্থীক বিপুল আদৰণি জনায় মিত্ৰজোঁটৰ দলীয় কৰ্মীসকলে। দুয়ো গৰাকী প্ৰাৰ্থীয়ে ৰাইজক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ৰাইজৰ উন্নয়নৰ হকে কাম কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।