গোলকগঞ্জত বিজেপি নেতাক গ্ৰেপ্তাৰৰ দাবীত দল-সংগঠনৰ উত্তাল প্ৰতিবাদ

গোলকগঞ্জ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত উত্তপ্ত পৰিস্থিতি।  আক্ৰমণকাৰীক গ্ৰেপ্তাৰৰ দাবীত বিভিন্ন দল-সংগঠনে গোলকগঞ্জ সম জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,ধুবুৰীঃ গোলকগঞ্জত আজি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বিভিন্ন দল সংগঠনে। বুধবাৰে গোলকগঞ্জৰ সম জিলা কাৰ্যালয়ত আঞ্চলিক পঞ্চায়ত গঠনক লৈ অগপ আৰু বিজেপিৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হৈছিল। ঘটনাত বিজেপি নেতাৰ আক্ৰমণত আহত হৈছিল কোচ ৰাজবংশী যুৱক উজ্জ্বল প্ৰধানী।

Advertisment

আক্ৰমণকাৰীক গ্ৰেপ্তাৰৰ দাবীত বিভিন্ন দল-সংগঠনে গোলকগঞ্জ সম জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে। আক্ৰাছু, কমতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টী, গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, গোলকগঞ্জ ক্ৰীড়া সন্থাৰ কৰ্ম-কৰ্তা সকলে এই প্ৰতিবাদত অংশগ্ৰহণ কৰে।

২৪ ঘন্টাৰ ভিতৰত বিজেপিৰ নেতা সকল ক্ৰমে বিশ্বজিত দাস, উত্তম প্ৰসাদ আৰু গোলকগঞ্জৰ প্ৰাক্তন বিধায়ক অশ্বিনি ৰায় সৰকাৰক গ্ৰেপ্তাৰৰ দাবী জনাইছে দল-সংগঠনে। ২৪ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ নকৰিলে জংগী আন্দোলনৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীয়ে।

গোলকগঞ্জ