অৰুণাচল প্ৰদেশত অসমৰ যুৱকক গুলীয়াই হত্যা...

২০ দিন পূৰ্বে অৰুণাচল প্ৰদেশ ৰয়িং ডিবাংভেলীত শ্ৰমিক হিচাপে কাম কৰিবলৈ গৈছিল শংকৰ ৷ ১৪ তাৰিখে নিশা বিহালীৰ বগীজুলীস্থিত স্বগৃহত অৰুণাচল প্ৰদেশ আৰক্ষীয়ে অসম আৰক্ষীৰ সহযোগত মৃতদেহ পৰিয়ালৰ লোকক চমজাই দিয়ে ৷

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,বিহালীঃ   বিহালীৰ তিনিসুঁতি আৰক্ষী চকীৰ অন্তৰ্গত অসম-অৰুণাচল সীমান্তৰ বগীজুলীৰ অঞ্চলৰ শংকৰ পেগু(২৯) নামৰ এজন যুৱকক অৰুণাচল প্ৰদেশত হত্যা ৷ ১৩ জুলাইত অৰুণাচলৰ ৰয়িং- ডিবাংভেলীৰ তাদাৰ ভাই নামৰ এজন ব্যৱসায়ীয়ে শংকৰক দুলীয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।

Advertisment

মূৰত আৰু ভৰিত দুটাকৈ গুলী লগাৰ ফলত মৃত্যু হয় শংকৰৰ ৷ প্ৰাপ্ত তথ্য অনুসৰি, ২০ দিন পূৰ্বে অৰুণাচল প্ৰদেশ ৰয়িং ডিবাংভেলীত শ্ৰমিক হিচাপে কাম কৰিবলৈ গৈছিল শংকৰ ৷ ১৪ তাৰিখে নিশা বিহালীৰ বগীজুলীস্থিত স্বগৃহত অৰুণাচল প্ৰদেশ আৰক্ষীয়ে অসম আৰক্ষীৰ সহযোগত মৃতদেহ পৰিয়ালৰ লোকক চমজাই দিয়ে ৷

উল্লেখ কৰা প্ৰয়োজন, যোৱা ১৮ জুনতো প্ৰভাষ দলে (২২) নামৰ যুৱক এজনক অৰুণাচল প্ৰদেশৰ চিম্ফুৰ ইটানগৰত টাই জ'ন নামৰ এজন লোকে মাৰপিট কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল।

ইফালে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত অসমৰ যুৱকৰ ওপৰত ধাৰাবাহিক আক্ৰমণ হত্যাৰ প্ৰতিবাদত আৰু ন্যায়ৰ দাবীত আজিৰে পৰা অনিৰ্দিষ্টকালীন অসম অৰুণাচল সংযোগী পথ অৱৰোধৰ ঘোষণা মিচিং জনগোষ্ঠীৰ ৩ টাকৈ সংগঠন TMPK, MMK আৰু TMMK ৰ । 

অৰুণাচল প্ৰদেশ