বিশ্বনাথ আৰক্ষীৰ জালত গভাইত চোৰ, উদ্ধাৰ কাঁহৰ সামগ্ৰী

বিশ্বনাথত উদ্ধাৰ কৰা হৈছে বৃহৎ পৰিমানৰ কাঁহৰ চুৰি সামগ্ৰী। বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে এই কাঁহৰ সামগ্ৰী সমূহ।

author-image
Asomiya Pratidin
New Update
xcxcxc

ডিজিটেল সংবাদ, বিশ্বনাথঃ বিশ্বনাথত উদ্ধাৰ কৰা হৈছে বৃহৎ পৰিমানৰ কাঁহৰ চুৰি সামগ্ৰী। বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে এই কাঁহৰ সামগ্ৰী সমূহ।

উল্লেখযোগ্য যে, বৃহস্পতিবাৰে বিশ্বনাথৰ মধুপুৰৰ সোমেশ্বৰ তালুকদাৰ নামৰ লোকজনৰ ঘৰত কোনো নথকা সময়ত ধৃত চোৰজনে প্ৰবেশ কৰিছিল। চোৰজনে গৃহস্থৰ ঘৰত নিজে ৰান্ধি খাই আৰম্ভ কৰিছিল চাফাই আভিযান। কিন্তু ঘৰখনৰ চুবুৰীয়া পৰাগ শইকীয়াৰপত্নী আৰু এগৰাকী স্থানীয় যুৱতীয়ে চোৰজনে পলায়ন কৰা দৃশ্য মবাইলত বন্দী কৰিছিল। যাৰ ফলত বিশ্বনাথ আৰক্ষীৰ দলে সেই ভিডিঅৰ জৰিয়তে চাৰি ঘন্টাৰ ভিতৰত ধৃত চোৰজনক বিচাৰি কাৰায়ত্ত কৰিবলৈ সক্ষম হোৱাৰ লগতে বৃহৎ পৰিমানৰ এই সামগ্ৰী সমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

উদ্ধাৰ কৰা সামগ্ৰীৰ ভিতৰত প্ৰায় ৮০ হাজাৰ টকাৰ মূল্যৰ কাঁহৰ সামগ্ৰী আছিল। আনহাতে আটক হোৱা চোৰটোৰ নাম হৈছে সঞ্জীৱ বাছোৱাৰ। বিভিন্ন সময়ত বিশ্বনাথৰ বিভিন্ন স্থানৰ পৰা চুৰি কৰি সামগ্ৰীখিনি জমা কৰি ৰাখিছিল সঞ্জীৱে। ইতিমধ্যে বিশ্বনাথ আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।

বিশ্বনাথ আৰক্ষী বিশ্বনাথ