বিশ্বনাথ এছ পিৰ সুৰা বিৰোধী সফল অভিযানঃ ২০০ কিলোমিটাৰ খেদি ধেমাজিত জব্দ কৰিলে ২ সুৰা ভৰ্তি ট্ৰাক...

biswanath police
biswanath police

ডিজিটেল সংবাদ ছয়দুৱাৰ: অবৈধ অৰুণাচলী সুৰা সৰবৰাহৰ বিৰুদ্ধে কেইবাটাও কঠোৰ অভিযান চলাই সফল হোৱা বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক নবীন সিঙৰ নেতৃত্বত যোৱা নিশা চলোৱা আন এক অৰুণাচলী সুৰা বিৰোধী এক অভিযানত দুখন ট্ৰাকসহ জব্দ হৈছে প্ৰায় ৪০ লক্ষাধিক টকা মূল্যৰ অবৈধ অৰুণাচলী সুৰা। বিশ্বনাথ চাৰিআলিৰ মষ্ট ৱাণ্টেড সুৰা মাফিয়া বামগাঁও(৪ নং ৱাৰ্ড)ৰ দিৱাকৰ ভট্টাচাৰ্য্য(৪৬) শুকুৰবাৰে সন্ধিয়া বিশ্বনাথ আৰক্ষীৰ জালত বন্দী হোৱাৰ পিছত তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিত চলোৱা এক কঠোৰ অভিযানত উক্ত সুৰাখিনি জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী।

অৰুণাচলী সুৰা মাফিয়া দিবাকৰ ভট্টাচাৰ্যই আৰক্ষীৰ আগত দিয়া স্বীকাৰোক্তিত অৰুণাচল প্ৰদেশৰ নাহৰলগুনৰ পৰা দুখন অৰুণাচলী সুৰা ভৰ্তি ট্ৰাক ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে মণিপুৰ অভিমুখে আহি থকা বুলি প্ৰকাশ কৰে। ইয়াৰ পিছতে অবৈধ অৰুণাচলী ট্ৰাক দুখন জব্দ কৰিবলৈ যোৱা নিশা ৭ মান বজাৰ পৰা জাল পাতে আৰক্ষী অধীক্ষক নবীন সিঙ নেতৃত্বাধীন আৰক্ষীৰ এটা বৃহৎ দলে।

কিন্তু আৰক্ষীৰ অভিযানৰ উমান পাই ট্ৰাক দুখন বিশ্বনাথ চাৰিআলিৰ সমীপৰ পৰা পথৰ ওপৰতে ঘূৰাই ধেমাজি দিশে তীব্ৰ গতিৰে উধাও হয়।ইয়াৰ পিছতে আৰক্ষী অধীক্ষক নবীন সিঙৰ নেতৃত্বাধীন আৰক্ষীৰ দলটোৱে অৰুণাচলী সুৰা ভৰ্তি ট্ৰাক দুখন অনুসৰণ কৰি পিছে পিছে খেদি যায়।

কিন্তু ট্ৰাক দুখনৰ পৰা অভিযানকাৰী আৰক্ষীৰ দলটোৰ ব্যৱধান বেছি হোৱাৰ কাৰণে আৰক্ষী অধীক্ষক নবীন সিঙে গহপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুশীল কুমাৰ দত্তক বিষয়টো অৱগত কৰি উক্ত ট্ৰাক দুখন খেদি যাবলৈ নিৰ্দেশ দিয়ে। উক্ত নিৰ্দেশৰ ভিত্তিত গহপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুশীল কুমাৰ দত্তৰ নেতৃত্বত আৰক্ষীৰ এটা দলে শুকুৰবাৰে নিশা প্ৰায় ৯ বজাৰ পৰা ট্ৰাক দুখন খেদি খেদি গৈ নিশা প্ৰায় ১২-৩০ বজাত ধেমাজিৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত ট্ৰাক দুখন জব্দ কৰিবলৈ সক্ষম হয়।

সমসাময়িক ভাবে আৰক্ষী অধীক্ষক নবীন সিঙৰ নেতৃত্বাধীন আৰক্ষীৰ দলটোও উক্ত স্থানত উপস্থিত হৈ অবৈধ অৰুণাচলী সুৰা ভৰ্তি ট্ৰাক দুখন জব্দ কৰি বিশ্বনাথলৈ লৈ আনে। আৰক্ষীৰ তদন্তত উক্ত অৰুণাচলী সুৰাখিনি অবৈধ ভাবে কঢ়িয়াই অনাটো প্ৰমাণিত হৈছে।

বিশ্বনাথ আৰক্ষীয়ে উক্ত সুৰা সৰবৰাহৰ ঘটনা সংক্ৰান্তত বিশ্বনাথ চাৰিআলিৰ বামগাঁৱৰ দিবাকৰ ভট্টাচাৰ্য্য (পিতা:ডম্বৰু ভট্টাচাৰ্য)ক গ্ৰেপ্তাৰ কৰাৰ উপৰিও নলবাৰী বেতকতাৰ জেহেৰুল ইছলাম (৩৫),বৰপেটা কলগাছিয়াৰ নজৰুল ইছলাম (২২),বঙাইগাঁও মানিকপুৰ ৫ নং বৰবৰীৰ জেহেৰুল ইছলাম(২৩) আৰু নলবাৰী এৰিকুছিৰ চান্দ আলী (১৯) গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।

তদুপৰি অৰুণাচলী সুৰা সৰবৰাহত ব্যৱহৃত এ এছ ০১ এন চি ৩৪৭০ আৰু এ এছ ০১ এন চি ৩৪৭২ নম্বৰৰ ট্ৰাক দুখন জব্দ কৰিছে আৰক্ষীয়ে। উল্লেখযোগ্য বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক নবীন সিঙে সমগ্ৰ বিশ্বনাথ জিলাৰ পৰা অৰুণাচলী সুৰাৰ প্ৰচলন সম্পূৰ্ণৰূপে ৰোধ কৰিবলৈ ধাৰাবাহিক অভিযান চলাই থকা পৰিলক্ষিত হৈছে।

যোৱা নিশা প্ৰায় ২০০ কিলোমিটাৰ খেদি গৈ এক কঠোৰ অভিযান চলাই প্ৰায় ৪০ লক্ষ্যাধিক টকাৰ অবৈধ অৰুণাচলী সুৰা জব্দ কৰিবলৈ সক্ষম হোৱা আৰক্ষীৰ অভিযানকাৰী দলটোৰ এই স্থিতিক শলাগ লৈছে জিলাখনৰ সচেতন ৰাইজে।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in