বিশ্বনাথত শান্তিপূৰ্ণভাৱে সম্পন্ন পঞ্চায়ত নিৰ্বাচনঃ ১২ টা জিলা পৰিষদতে বিজেপি প্ৰাৰ্থীৰ জয়

বিশ্বনাথত শৃংখলাবদ্ধ আৰু শান্তিপূৰ্ণভাৱে সমাপন পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা প্ৰক্ৰিয়া। জিলাখনৰ তিনিটা বিধানসভা সমষ্টিৰ মুঠ ১২ টা জিলা পৰিষদতে BJPৰ প্ৰাৰ্থীৰ জয়।

author-image
Asomiya Pratidin
New Update
বিশ্বনাথত শান্তিপূৰ্ণভাৱে সম্পন্ন পঞ্চায়ত নিৰ্বাচনঃ ১২ টা জিলা পৰিষদতে বিজেপি প্ৰাৰ্থীৰ জয়

ডিজিটেল সংবাদ বিশ্বনাথ চাৰিআলিঃ  বিশ্বনাথ জিলাত শৃংখলাবদ্ধ আৰু শান্তিপূৰ্ণভাৱে সমাপন হৈছে পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা প্ৰক্ৰিয়া। ঘোষিত ফলাফল অনুসৰি জিলাখনৰ তিনিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত মুঠ ১২ টা জিলা পৰিষদতে বিজেপিৰ প্ৰাৰ্থীয়ে জয় লাভ কৰে। 

Advertisment

আজি পুৱা প্ৰায় ১০ বজা পৰ্যন্ত হোৱা ভোট গণনাৰ অন্তত ঘোষিত ফলাফল অনুসৰি জিলাখনৰ বিশ্বনাথ বিধানসভা সমষ্টিৰ অন্তৰ্গত চাৰিটা জিলা পৰিষদ সমষ্টিৰ ক্ৰমে ১নং সাকোমঠা জিলা পৰিষদত পবিতা নাৰ্জাৰী গয়াৰী (লাভ কৰা ভোট হৈছে ১৯৯৭৬ টা), ২নং সাকোমঠা জিলা পৰিষদত গণেশ বাচোৱাৰ(লাভ কৰা ভোট হৈছে ১৮৬৩৭ টা), ১নং বিশ্বনাথ জিলা পৰিষদত দিপালী দেৱী (লাভ কৰা ভোট হৈছে ১৫৯৮৪ টা) আৰু ২নং বিশ্বনাথ জিলা পৰিষদত প্ৰাণোদ্বীপ্ত ৰাজখোৱাই (লাভ কৰা ভোট হৈছে ২১৬১৭ টা) জয়লাভ কৰে।

সেইদৰে বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত চাৰিটা জিলা পৰিষদ ক্ৰমে বাঘমৰা জিলা পৰিষদত স্নিগ্ধাজ্যোতি গোস্বামী (লাভ কৰা ভোট হৈছে ২৭০০৫ টা), বৰগাং জিলা পৰিষদত জাহ্নৱী দাস (লাভ কৰা ভোট হৈছে ১৬৯৬৫ টা), নিজ বিহালী জিলা পৰিষদত চেতন গৌতমে (লাভ কৰা ভোট হৈছে ১২৯৪৪ টা) জয় লাভ কৰে। আনহাতে বিধানসভা সমষ্টিটোৰ বুৰৈ জিলা পৰিষদত বিজেপিৰ প্ৰাৰ্থী সুনীতা তাঁতীয়ে ইতিমধ্যে বিনা প্ৰতিদ্বন্দিতাৰে জয়লাভ কৰিছিল।

একেদৰে গহপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত মুঠ চাৰিটা জিলা পৰিষদ ক্ৰমে হেলেম-বি জিলা পৰিষদত দিপালী দেৱী (লাভ কৰা ভোট হৈছে ১৪৩২৪ টা), হেলেম-এ জিলা পৰিষদত নিৰন হাজৰিকা (লাভ কৰা ভোট হৈছে ১৭২৪৭ টা), লোহিতমুখ জিলা পৰিষদত লক্ষ্য মিলি (লাভ কৰা ভোট হৈছে ১৫৮৬৭ টা) আৰু কলাবাৰী জিলা পৰিষদত নিতুল হাজৰিকাই (লাভ কৰা ভোট হৈছে ২১১০৬ টা) জয়লাভ কৰে।

উল্লেখযোগ্য যে, জিলাখনৰ তিনিওটা বিধানসভা সমষ্টিত গাওঁ পঞ্চায়তৰ সংখ্যা হৈছে মুঠ ৭৩ টা ।এই ৭৩ টা গাওঁ পঞ্চায়তৰ পৰা আঞ্চলিক পঞ্চায়ত সদস্যৰ মুঠ ৭৩ টা পদত বিজয়ী হোৱা ৫৯ গৰাকী প্ৰাৰ্থী হৈছে বিজেপিৰ। আনহাতে কংগ্ৰেছৰ ৩ গৰাকী, অগপৰ ৯ গৰাকী আৰু নিৰ্দলীয় ২ গৰাকী প্ৰাৰ্থীয়ে জয়লাভ কৰে। ঘোষিত ফলাফল অনুসৰি বিশ্বনাথ সমষ্টিৰ অন্তৰ্গত আঞ্চলিক পঞ্চায়ত সদস্যৰ মুঠ ২৪ টা পদৰ ভিতৰত ১৯ টাত বিজেপি, ২ টাত অগপ, ২টাত কংগ্ৰেছ দলৰ আৰু ১টাত নিৰ্দলীয় প্ৰাৰ্থীয়ে জয়লাভ কৰে। সেইদৰে বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত আঞ্চলিক পঞ্চায়ত সদস্যৰ মুঠ ২১ টা পদৰ ভিতৰত ১৭ টাত বিজেপি দলৰ, ৩টা অগপৰ আৰু ১টাত কংগ্ৰেছৰ প্ৰাৰ্থীয়ে জয়লাভ কৰে। 

আনহাতে গহপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত আঞ্চলিক পঞ্চায়ত সদস্যৰ মুঠ ২৮ পদৰ ২৩ টাত বিজেপি, ৪টাত অগপ আৰু ১টাত নিৰ্দলীয় প্ৰাৰ্থীয়ে জয়লাভ কৰে। উল্লেখযোগ্য যে জিলাখনৰ ২৩ টা আঞ্চলিক পঞ্চায়ত সদস্যৰ পদত ২৩ গৰাকী প্ৰাৰ্থী ইতিমধ্যে বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছিল। 

আনহাতে জিলাখনত গাওঁ পঞ্চায়তৰ মুঠ ৱাৰ্ডৰ সংখ্যা হৈছে ৭৩০ টা। ইয়াৰে ২৩৭ টা ৱাৰ্ডত বিনা প্ৰতিদ্বন্দিতাৰে প্ৰাৰ্থী নিৰ্বাচিত হৈছিল। প্ৰাপ্ত তথ্য অনুযায়ী বিশ্বনাথ বিধানসভা সমষ্টিত ৪০ গৰাকী, বিহালীত ১২২ গৰাকী আৰু গহপুৰত ৭৫ গৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছিল। সেয়ে জিলাখনত প্ৰতিদ্বন্দিতা হোৱা ৪৯৩ টা গাঁও পঞ্চায়ত ৱাৰ্ডত ৱাৰ্ড সদস্যৰ বাবে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হয় আৰু কালি অনুষ্ঠিত হোৱা ভোট গণনাৰ অন্তত বিজয়ী প্ৰাৰ্থী সকলৰ নাম ঘোষণা কৰা হয়। 

পঞ্চায়ত নিৰ্বাচন বিশ্বনাথ