/asomiyapratidin/media/media_files/2025/02/12/zIIkSP9KTf7UatwWKqgl.jpg)
ডিজিটেল সংবাদ,বিশ্বনাথঃ বিশ্বনাথৰ চাৰিলেন যুক্ত পথৰ কাষত থকা চৰকাৰী ভূমিৰ ওপৰত এতিয়া মাটিৰ দালাল চক্ৰৰ পৰিছে লোলুপ দৃষ্টি। এই ভূ-দালাল চক্ৰই এতিয়া জধে-মধে নৱ নিৰ্মিত চাৰিলেনযুক্ত পথৰ কাষৰ ভূমি খিনি দখল কৰি কেইবালাখ টকাত বহু লোকক বিক্ৰী কৰাৰ এক বিস্ফোৰক অভিযোগ উত্থাপন হৈছে।
আনহাতে গুপচাৰ ভূমি,ৰজাদিনীয়া পুখুৰী ইত্যাদিতো এই দালাল চক্ৰই দখল কৰি নিশাৰ ভিতৰতে মাটি ভৰাই নিৰ্মাণ কৰিছে চাৰিবেৰ। বিশ্বনাথৰ চাৰিলেন যুক্ত পথৰ কাষত থকা আনকি নলা-নৰ্দমা পুতি এতিয়া পথৰ কাষলৈকে নিৰ্মাণ কৰিছে চাৰিবেৰ। যাৰ বাবে বাৰিষা হ'লে বিপদৰ সন্মুখীন হ'ব স্থানীয় বহু ৰাইজ।
ইতিমধ্যে অঞ্চলটোৰ চৰকাৰী গাঁওবুঢ়াই বিশ্বনাথৰ ৰাজহ চক্ৰ বিষয়াক এই বিষয়ে অৱগত কৰাৰ লগতে জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ। অৱশ্যে ভূ মাফিয়াৰ এনে দপদপনিৰ বিৰুদ্ধে ৰাজহ চক্ৰ কাৰ্যালয় অথবা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us