বিশ্বনাথত ছাত্ৰীক পলুৱাই নি আৰক্ষীৰ জালত বিবাহিত পুৰুষ...

বিশ্বনাথ আৰক্ষীয়ে এই সন্দৰ্ভত লম্পট জনৰ মোবাইল নম্বৰ ট্ৰেক কৰি যেতিয়া মোবাইল ব্যৱহাৰ কৰি থকা যুৱক জনক আটক কৰে,তেতিয়াহে পোহৰলৈ আহে লম্পট ছুলেমান খানে বিশ্বনাথ আৰক্ষীৰ চকুত ধুলি দিয়া আন এক কৌশল।

author-image
Asomiya Pratidin
New Update
u

ডিজিটেল সংবাদ,বিশ্বনাথঃ   বিশ্বনাথত সংঘটিত হৈছে এক আজৱ ঘটনা। ১৪ ডিচেম্বৰত নগাঁও জিলাৰ যমুনামুখ কঠিয়াটলী থানাৰ অন্তৰ্গত ছাহিদপুৰৰ সৰুপথাৰ গাঁৱৰ ছুলেমান খান নামৰ এজন পুৰুষে এগৰাকী নৱম শ্ৰেণীত অধ্যয়ন কৰা ছাত্ৰীক প্ৰেমৰ জালত পেলাই পলুৱাই লৈ গৈছিল। পত্নী আৰু সন্তান থকা ছুলেমান খান নামৰ লম্পট জনে নাবালিকা ছাত্ৰী গৰাকীক পলোৱাই লৈ যোৱা সন্দৰ্ভত ছাত্ৰী গৰাকীৰ অভিভাৱকে যোৱা ১৪ তাৰিখেই গুৱাহাটীৰ দিছপুৰ থানাত এখন এজাহাৰ দাখিল কৰাইছিল।

দিছপুৰ আৰক্ষী থানাই এই সমস্ত ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষী থানাৰ 1317/24u/s87 নম্বৰত এক গোচৰ ৰুজু কৰিছিল আৰু তদন্ত আৰম্ভ কৰিছিল। দিছপুৰ আৰক্ষীয়ে লম্পট ছুলেমান খানৰ মোবাইল ট্ৰেক কৰোতে লম্পটটোৰ মোবাইল লকেচন দেখোৱাইছিল বিশ্বনাথত। যাৰ ভিত্তিত দিছপুৰ আৰক্ষীয়ে এই সমস্ত ঘটনা সন্দৰ্ভত বিশ্বনাথ চাৰিঅলি আৰক্ষী থানাত জানিবলৈ দিয়ে আৰু লম্পট যুৱক জনৰ মোবাইল ট্ৰেক কৰি আটক কৰিবলৈ নিৰ্দেশ দিয়ে।

তাৰ পিছতে বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পবন গায়নৰ নেতৃত্বত লম্পট ছুলেমান খানক আটক কৰিবলৈ অভিযান আৰম্ভ কৰে বিশ্বনাথত। বিশ্বনাথ আৰক্ষীয়ে এই সন্দৰ্ভত লম্পট জনৰ মোবাইল নম্বৰ ট্ৰেক কৰি যেতিয়া মোবাইল ব্যৱহাৰ কৰি থকা যুৱক জনক আটক কৰে,তেতিয়াহে পোহৰলৈ আহে লম্পট ছুলেমান খানে বিশ্বনাথ আৰক্ষীৰ চকুত ধুলি দিয়া আন এক কৌশল।

লম্পট ছুলেমান খানৰ মোবাইল ফোনটো ব্যবহাৰ কৰি থকা লোকজন আছিল বিশ্বনাথৰে এজন মিস্ত্ৰি।দৰাচলতে লম্পট ছুলেমান খানক আৰক্ষীয়ে যাতে ধৰিব নোৱাৰে,তাৰ বাবে এজন মিস্ত্ৰিক লম্পট ছুলেমান খানে ১৩ হাজাৰ টকাত নিজৰ মোবাইল ফোনটো বিশ্বনাথৰ মিস্ত্ৰি জনক বিক্ৰী কৰিছিল আৰু তেওঁ পূৰ্বতে ব্যবহাৰ কৰা মোবাইল নম্বৰ পেলাই দিছিল। কিন্তু লম্পট ছুলেমান খানে নিজৰ মোবাইল আনক বিক্ৰী কৰিলেও পুনৰ বিশ্বনাথৰ এটা প্ৰতিষ্ঠানৰ পৰা ক্ৰয় কৰিছিল অন্য এক নতুন মোবাইল নম্বৰ।

যাৰ ফলত বিশ্বনাথ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পবন গায়নে পুনৰ আৰম্ভ কৰিলে লম্পট ছুলেমন খানৰ নতুন মোবাইল নম্বৰ ট্ৰেক। কিন্তু সেই সময় পৰ্যন্ত লম্পটটোৱে ছাত্ৰী গৰাকীক লগত লৈ গৈ পাইছিল কেৰেলা। কিন্তু বিশ্বনাথ আৰক্ষীয়ে পুনৰ দিছপুৰ আৰক্ষীৰ লগত যোগাযোগ কৰি ইতিমধ্যে কেৰেলা আৰক্ষীৰ দ্বাৰা কেৰালাতে আটক কৰে লম্পট ছুলেমান খানক।

একেটা কোঠাৰ পৰাই উদ্ধাৰ কৰে ছাত্ৰী গৰাকীক। ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে লম্পট ছুলেমান খানক আৰু ছাত্ৰী গৰাকীক আনিবলৈ কেৰেলালৈ যাত্ৰা আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে। দিছপুৰ আৰক্ষী আৰু বিশ্বনাথ আৰক্ষীয়ে যুতীয়া ভাবে এই অভিযানক সফল ভাবে নেতৃত্ব দিয়াৰ বাবে এগৰাকী কণমানি ছাত্ৰীৰ জীৱন ৰক্ষা পালে এজন লম্পটৰ পৰা। যাৰ বাবে দিছপুৰ আৰক্ষীৰ লগতে বিশ্বনাথ আৰক্ষীকো ছাত্ৰী গৰাকীৰ পিতৃ তথা অভিভাৱকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছে লগতে লম্পট ছুলেমান খানক কঠোৰ শাস্তি দিয়াৰ আহ্বান জনাইছে।

বিশ্বনাথ