ডিজিটেল সংবাদ,বিশ্বনাথঃ 'সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে, সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে'- কাব্য মন্ত্ৰৰে আৰম্ভ হোৱা বিশ্বনাথ জিলা কবি সন্মিলনৰ তৃতীয় দ্বি-বাৰ্ষিক অধিবেশনখন সফলভাৱে সম্পন্ন হয়। হাৱাজান শাখা কবি চক্ৰৰ আতিথ্যত হাৱাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অধিৱেশনৰ পতাকা উত্তোলন কৰে জিলা সভাপতি বিপিন বৰাই। স্মৃতি তৰ্পণ কৰে নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ তথা বিশিষ্ট সমাজকৰ্মী দিলীপ বৰদলৈয়ে।
সদৌ অসম কবি সন্মিলনৰ অন্তৰ্ভুক্ত অন্যতম সক্ৰিয় জিলা সমিতিৰ কেবাটাও কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা তৃতীয় দ্বি-বাৰ্ষিক অধিবেশনৰ দিনৰ ১.৩০ বজাত মুকলি সভাখনি অনুষ্ঠিত হয়। জিলা সভাপতি বিপিন বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনি উদ্বোধন কৰে সদৌ অসম কবি সন্মিলনৰ সভাপতি তথা বিশ্বনাথ জিলা কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি, বিশিষ্ট কবি বংশী বৰাই।
তেওঁ ভাষণ প্ৰসংগত অসমীয়া কাব্য সাহিত্যক সমৃদ্ধিশালী কৰাৰ ক্ষেত্ৰত পথাৰ কবি ৰাম গগৈৰ দৰে বৰেণ্য কাব্যপ্ৰাণ সকলে প্ৰতিষ্ঠা কৰা সদৌ অসম কবি সন্মিলনৰ অৰিহণা সম্পৰ্কে নাতিদীৰ্ঘ বক্তব্য ৰাখে। আদৰণি ভাষণ আগবঢ়াই আদৰণি সমিতিৰ সভাপতি নকুল মহন্তই। জিলা সম্পাদক অনিত শইকীয়া আৰু কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক বিপুল কুমাৰ দিহিঙীয়াই সামগ্ৰিকভাৱে আঁতধৰা মুকলি সভাত বিশিষ্ট কবি তথা শিশু সাহিত্যিক শৈলেন্দ্ৰ বৰাক 'চম্পাৱতী বৰদলৈ সোঁৱৰণী কাব্যপ্ৰাণ বঁটা-২০২৪' প্ৰদান কৰা হয়।
ভালে কেইখন শিশু উপযোগী গ্ৰন্থ প্ৰণয়ন কৰাৰ লগতে কেইবাখনো কাব্যগ্ৰন্থ সম্পাদনা কৰা প্ৰাক্তন সাংবাদিক, অৱসৰপ্ৰাপ্ত বিজ্ঞান শিক্ষক শৈলেন্দ্ৰ বৰা বিশ্বনাথ চাৰিআলিৰ দ-গাঁৱৰ নিবাসী। উল্লেখ্য যে লখিমপুৰ আৰু বিশ্বনাথ জিলাৰ সীমামূৰীয়া হাৱাজানৰ নিবাসী কবি-শিশু সাহিত্যিক তথা বৰ্তমান প্ৰয়াত চম্পাৱতী বৰদলৈৰ স্মৃতিত তেওঁৰ সুযোগ্য সন্তান তথা অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ দিলীপ বৰদলৈ আৰু তেওঁৰ পৰিয়ালবৰ্গই জিলা সমিতিৰ তত্বাৱধানত গঠিত ন্যাস সমিতিৰ দ্বাৰা এই বঁটা প্ৰদান কৰি আহিছে।
এই বঁটাত এটি স্মাৰক, এখনি সম্বৰ্ধনা পত্ৰ, নগদ ধন, গ্ৰন্থৰ টোপোলা, ফুলাম গামোচা, চেলেং প্ৰদান কৰা হয়। বঁটা প্ৰদান কাৰ্যসূচীতে বঁটাৰ দাতা পৰিয়ালৰ হৈ দিলীপ বৰদলৈ আৰু ৰেখা বৰদলৈক জিলা সমিতিৰ দ্বাৰা চেলেঙেৰে সম্বৰ্দ্ধনা জনোৱা হয়। এই সভাতেই বিশ্বনাথ জিলা কবি সন্মিলনৰ মুখপত্ৰ 'শব্দালয়' উন্মোচন কৰে সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক তথা বিশিষ্ট কবি বিতোপন গগৈয়ে।
সমান্তৰালকৈ সান্ত্বনা বৰা দুৱৰাৰ 'নীল আকাশৰ শুকুলা ডাৱৰ' নামৰ কাব্য সংকলনখনি সদৌ অসম কবি সন্মিলনৰ সভাপতি বংশী বৰাই উন্মোচন কৰাৰ লগতে নগেন বৰাৰ কাব্য সংকলন 'নদীৰ দৰে জীৱন' উন্মোচন কৰে বিশিষ্ট লেখিকা কৃপালী গোস্বামীয়ে। সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে সদৌ অসম কবি সন্মিলনৰ সাংগঠনিক সম্পাদক উমেশ চন্দ্ৰ সোণাৱালে।
আমন্ত্ৰিত অতিথি হিচাপে প্ৰজ্ঞাশ্ৰী লোকেশ্বৰী সন্দিকৈ, জিলা কবি সন্মিলনৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট কবি সবিতা কোঁৱৰকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰা সভাত জিলা সমিতিৰ দ্বাৰা নিৰ্বাচিত ছয় গৰাকী প্ৰবীণ কবি, কাব্য সংগঠক ক্ৰমে নিকুঞ কোঁৱৰ মহন্ত, কৃপালী গোস্বামী, ৰূপালী দাস, শান্তিৰাণী দেৱী বৰুৱা, কুশল শৰ্মা আৰু নকুল মহন্তক ফুলাম গামোচা, সম্বৰ্ধনা পত্ৰ, গ্ৰন্থৰ টোপোলা আৰু এটিকৈ স্মাৰকেৰে সম্বৰ্দ্ধনা জনোৱা হয়।
সভাত বিস্তীৰ্ণা গৌতমে নৃত্য পৰিৱেশন কৰাৰ লগতে হিৰণ্ময়ী বৰাই গীত পৰিৱেশন আৰু মালৱীকা ভাগৱতী, মামনি ফুকনে চমু নাটক মঞ্চায়ন কৰি অনুষ্ঠান জীপাল কৰি তোলে। প্ৰতিনিধি সভাত চাও চন্দন বৰুৱা সভাপতি, দীপক হাজৰিকা সম্পাদক হিচাপে নিৰ্বাচিত কৰা হয়। দেওবাৰে পুৱা ১১ বজাত হাৱাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৃথক কক্ষত অনুষ্ঠিত প্ৰতিনিধি সভাত বিশ্বনাথ জিলা কবি সন্মিলনৰ ২০২৫-২০২৭ বৰ্ষৰ বাবে নৱ-নিৰ্বাচিত সমিতিখন গঠন কৰা হয়।
জিলা সভাপতি বিপিন বৰাৰ সভাপতিত্বত অনুষ্ঠিত প্ৰতিনিধি সভাত পৰ্যবেক্ষক হিচাপে সদৌ অসম কবি সন্মিলনৰ দ্বাৰা নিৰ্বাচিত উমেশ চন্দ্ৰ সোণাৱালে অংশগ্ৰহণ কৰি কবি সন্মিলনৰ নিয়ম-নীতি সম্পৰ্কে নাতিদীৰ্ঘ বক্তব্য দাঙি ধৰে। জিলা সমিতিৰ ১৩ টা শাখাৰ অৰ্ধশতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা সভাত ২০২২-২০২৪ বৰ্ষৰ সমিতিখনি আনুষ্ঠানিকভাৱে সভাপতিগৰাকীয়ে বক্তব্য ৰাখি ভংগ ঘোষণা কৰে।
তাৰ পাছতে সভাপতি হিচাপে সৰ্বসন্মতিক্ৰমে চাও চন্দন বৰুৱাক নিৰ্বাচিত কৰাৰ লগতে সম্পাদক হিচাপে শিৱশংকৰ হাজৰিকা আৰু দীপক হাজৰিকাৰ নাম প্ৰস্তাৱ কৰে। পাছত দুয়োগৰাকী প্ৰাৰ্থীৰ প্ৰস্তাৱক আৰু সমৰ্থকে প্ৰস্তাৱ উঠাই নোলোৱাত নিৰ্বাচন ঘোষণা কৰে কেন্দ্ৰীয় পৰ্যবেক্ষকগৰাকীয়ে। এই নিৰ্বাচন প্ৰতিনিধি সভাৰ অন্তত অনুষ্ঠিত কৰা হয়। এই নিৰ্বাচনত দীপক হাজৰিকাই সৰ্বাধিক ভোট লাভ কৰি জয়ী হয়।
ইফালে নৱ নিৰ্বাচিত জিলা সমিতিত উপ-সভাপতি হিচাপে কমলেশ্বৰী বৰুৱা বাঢ়ৈ আৰু জগদীশ শৰ্মা, সহকাৰী সম্পাদক হিচাপে মালৱীকা ভাগৱতী আৰু ৰূপকোঁৱৰ মিলি, সাংগঠনিক সম্পাদক হিচাপে জোনালী ভূঞা আৰু নিৰঞ্জন দাসক নিৰ্বাচিত কৰাৰ লগতে পত্ৰিকা সমিতিৰ সভাপতি হিচাপে হেমপ্ৰভা হাজৰিকা শইকীয়া আৰু সম্পাদক হিচাপে সূৰ্য ৰাজখোৱাক নিৰ্বাচিত কৰা হয়।
কাৰ্যনিৰ্বাহক সদস্য হিচাপে কুনুমাই দাস, জয়ন্ত হাজৰিকা, জৱাহৰলাল মিলি, কল্পনা ভূঞা, সৌমিত্ৰ বৰুৱা, প্ৰণতি নেওগ বৰুৱা, ৰূপালী দাস আৰু তেজেন হাজৰিকাক নিৰ্বাচিত কৰা হয়। সময়ৰ অভাৱত দুই-এটি পদৰ বাবে পাছৰ কাৰ্যনিৰ্বাহক সভাত দায়িত্ব প্ৰদান কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়।