/asomiyapratidin/media/media_files/2025/04/16/2iJciBBDWM2GLH5kOV55.jpg)
ডিজিটেল সংবাদ,বিশ্বনাথঃ আহোম যুগৰ পৰা চলি অহা এক বিশেষ পৰম্পৰাৰ অংশ ৰূপে ঐতিহাসিক বিশ্বনাথত আজি গোঁসাই ফুৰোৱা উৎসৱ পালন কৰা হয়। বহাগৰ দ্বিতীয় দিনা প্ৰায় ৩৪১ বছৰীয়া পৰম্পৰা অনুসৰি গুপ্তকাশী বিশ্বনাথ ঘাটত বিশ্বনাথ গোঁসাইক ফুৰোৱা উৎসৱ ভক্ত সকলে পালন কৰি আহিছে।
গোসাঁই বিহু দিনটোত এক বিশেষ তাৎপৰ্য অনুসৰি গুপ্তকাশী বিশ্বনাথ দেৱালয়ৰ পৰা উত্তৰ দিশে অৱস্থিত ভিৰ গাঁৱলৈ প্ৰায় ৫ কিলোমিটাৰ কেঁকোৰা দোলাত আৰোহণ কৰি গোঁসাইক ফুৰাবলৈ অনা হয়। পুৱাৰ ভাগত গোসাঁইক আদৰ সৎকাৰ কৰি কেকোৰা দোলাত ঢুলীয়া আদিৰ লগতে আৰোৱাণৰে পৰিবেষ্টিত হৈ যাত্ৰা আৰম্ভ কৰা হয়।
নিৰ্দিষ্ট কেতবোৰ চেও বজাই ঢুলীয়া সমন্বিত এই যাত্ৰাকালত প্ৰতিজন গঞাই পদুলি মুখত গোসাঁইক আদৰণি জনাই আশীৰ্বাদ লয়। এই যাত্ৰাৰ এটা সময়ত ভিৰ গাঁৱৰ নামঘৰত আশ্ৰয় লোৱাৰ পিছত গোঁসাইক কেঁকোৰা দোলাতেই বিশ্বনাথ দেৱালয়লৈ অনা হয় ।
এই পৰম্পৰা পূৰ্বৰ দৰে এতিয়াও বাহাল ৰখাৰ লগতে এই সময়ছোৱাত যথেষ্ট সংখ্যক ভক্তৰ সমাগম দেখিবলৈ পোৱা যায়।গোসাঁইৰ ওভতনি যাত্ৰাৰ সময়তো উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হয়। বহাগ বিহুৰ লগত সামঞ্জস্য ৰাখি এই গোসাঁই ফুৰোৱা উৎসৱ তিনি শতিকাতকৈ অধিক কাল পালন কৰি অহা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে।