বুলড'জাৰ সাজুঃ উচ্ছেদৰ বাবে সাজু বিশ্বনাথ জিলা প্ৰশাসন...

উচ্ছেদ অভিযানৰ বাবে সাজু হৈছে বিশ্বনাথ প্ৰশাসন। বিশ্বনাথ বিধান সভা সমষ্টিৰ ননকে জাপৰিগুৰিৰ ৩০৭ টা পৰিয়াললৈ উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে বিশ্বনাথ জিলা প্ৰশাসন যন্ত্ৰই৷ 

author-image
Asomiya Pratidin
New Update
বুলড'জাৰ সাজুঃ উচ্ছেদৰ বাবে সাজু বিশ্বনাথ জিলা প্ৰশাসন...

ডিজিটেল সংবাদ বিহালীঃ এইবাৰ বুলডোজাৰ লৈ উচ্ছেদৰ বাবে সাজু হৈছে বিশ্বনাথ জিলা প্ৰশাসন। জিলা প্ৰশাসনে ইতিমধ্যে ৩০৯ টা বেদখলকাৰী পৰিয়ালক চিনাক্ত কৰি উচ্ছেদৰ জাননী জাৰি কৰিছে।

জানিব পৰা মতে বিশ্বনাথ বিধানসভা সমষ্টিৰ অন্তৰ্গত ননকে জাপৰিগুৰিৰ ৩০৯ টা সংখ্যালঘু পৰিয়াললৈ উচ্ছেদৰ জাননী জাৰি কৰা হৈছে। তেওঁলোকৰ বিৰুদ্ধে গো-চৰনীয়া পথাৰৰ মাটি বেদখনলৰ অভিযোগ উঠিছে।

জাননী লাভ কৰাৰ ১৫ দিনৰ ভিতৰত তেওঁলোকক সেই স্থান খালী কৰিবলৈ কোৱা হৈছে। এই জাননী লাভ কৰাৰ পিছতে এতিয়া পৰিয়ালসমূহৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সূচনা হৈছে। অৱশ্যে তেওঁলোকে গো-চৰনীয়া পথাৰ বেদখল কৰাৰ কথা স্বীকাৰ কৰিছে।

উচ্ছেদৰ জাননী লাভ কৰা লোকসকলে জনোৱা মতে তেওঁলোকে গৰাখহনীয়াত মাটি-ভেঁটি হেৰুওৱাৰ বাবেহে এই চৰকাৰী ভূমিত আহি বসতি স্থাপন কৰি আছে। এই সন্দৰ্ভত আজি অঞ্চলটোৰ এগৰাকী ৬০ উৰ্ধ্বৰ ব্যক্তিয়ে কেমেৰাৰ সন্মুখত কয়, আমি বালিডুবিৰ মানুহ। প্ৰায় ৪০ বছৰ পূৰ্বে ইয়ালৈ উঠি আহিছিলো। আমাৰ হাতত বালিডুবিৰ ১৯৫১ ৰ কাগজ-পাতিও আছে। 

তেওঁ কয়, আমাৰ মাটি গৰাখহনীয়াৰ কৱলত পৰাত আমি ভূমিহীন হৈ ইয়াৰ চৰকাৰী মাটিত যেনেতেনে বহিছো, তাকো ফৰেষ্টৰ বাহিৰত। এয়াও এতিয়া উচ্ছেদ কৰিব বুলি জানিব পাৰিছো।

অসহায় হৈ তেওঁ চৰকাৰৰ পুনৰসংস্থাপনৰ আহ্বানেৰে কয় আমি ইয়াৰ পৰা উঠি যাম। কিন্তু এতিয়া বানপানী হৈ আছে। এই বানপীনত ক’লৈ যাম?  চাপৰিলৈ যাবলৈ আমি এতিয়া অক্ষম। সেয়ে আমি চৰকাৰৰ ওচৰত আমাৰ বিনম্ৰ অনুৰোধ আমাৰ মানুহখিনিক ক’ৰবাত ঠাই দি সংস্থাপন কৰক।

উচ্ছেদৰ জাননী লাভ কৰা আন এগৰাকী যুৱকে কয়, আমি ৪৫ বছৰ ধৰি ইয়াত আছো। এতিয়া উচ্ছেদৰ জাননী লাভ কৰিছো। আমাৰ যদি মাটি থাকিলে হয় তেনে নিজে নিজেই গুছি গলো হয়। এতিয়া য’ত আছো তাতেই থাকিম, কলৈ যাম। যদি চৰকাৰে কিবা এটা ব্যৱস্থা কৰি দিয়ে তেন্তে ভাল হ’ব। আমাৰ ইয়াত একঠা মাটিত ৫ টাকৈ ঘৰ আছে। তেনেকুৱা এক অৱস্থাত আছো আমি। 

আন এগৰাকী ব্যক্তিয়ে কয়, বালিডুবিত আমাৰ সকলোৰে ম্যাদী মাটি আছিল। সেই সকলোবোৰ গৰাখহনীয়াত জাহ গ’ল। তাৰ পিছত আহি আমি ইয়াত কোনোমতে বাস কৰি আছো।

ইফালে আজি এই অঞ্চলটোত উচ্ছেদৰ জাননী দিবলৈ যোৱা এগৰাকী চৰকাৰী কৰ্মচাৰীয়ে জোনোৱা অনুসৰি এই অঞ্চলটোত ৩০৯ টা পৰিয়াললৈ উচ্ছেদৰ জাননী জাৰি কৰা হৈছে। তেওঁ এই মন্তব্য কৰাৰ সময়লৈকে ইতিমধ্যে ১৫০ টা পৰিয়ালক জাননী দিয়া হৈছে। বাকী কেইটা পৰিয়ালকো আজিৰ ভিতৰতে জাননী দিয়া হ’ব।

এইগৰাকী চৰকাৰী কৰ্মচাৰীয়ে জনোৱা মতে উচ্ছেদৰ জাননী লাভ কৰা লোকসকলে ১৫ দিনৰ ভিতৰত সেই স্থান খালী কৰিব লাগিব। যদিহে তেওঁলোক ১৫ ভিতৰত সেই স্থান খালী নকৰে তেন্তে প্ৰশাসনৰ নিয়ম অনুসৰি জেচিবি আনি উচ্ছেদ চলোৱা হ’ব।

তাৰোপৰি তেওঁ জনৱো মতে উচ্ছেদ হ’বলগীয়া এই অঞ্চলটোত ১৭৫ বিঘা মাটি আছে। এইসকলোবোৰ গো-চৰনীয়া পথাৰ। উচ্ছেদৰ জাননী লাভ কৰি মানুহখিনিৰ দুখ লাগিছে যদিও তেওঁলোকে পৰিস্থিতি শান্ত কৰিয়েই ৰাখিছে।উচ্ছেদ হ’বলগীয়া এই ঠাইখিনিত এটা ধৰ্মীয় উপাসনাস্থলী, এখন বিদ্যালয়স, শ্মশান, কবৰস্থান আৰু এখন চাহ বাগানো আছে।

উচ্ছেদ অভিযান বিশ্বনাথ