পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু বিশ্বনাথ জিলা প্ৰশাসন

৩০ টকা ভোট কেন্দ্ৰ মহিলাৰ দ্বাৰা পৰিচালিত হ'ব। বিশ্বনাথ সমষ্টিত ৪ টা জিলা পৰিষদৰ অন্তৰ্গত ভোটাৰৰ সংখ্যা হৈছে ১,৬৮,৬১৯ গৰাকী।বিশ্বনাথ সমষ্টিত দুটা স্পৰ্শকাতৰ ভোট কেন্দ্ৰ চিহ্নিত হৈছে।

author-image
Asomiya Pratidin
New Update
sfdsfsddd

ডিজিটেল সংবাদ,বিশ্বনাথঃ শুকুৰবাৰে অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন। বিশ্বনাথ সমষ্টিত ২৫০ টা ভোট কেন্দ্ৰ স্থাপন কৰা  হৈছে। ইয়াৰে ৩০ টকা ভোট কেন্দ্ৰ মহিলাৰ দ্বাৰা পৰিচালিত হ'ব। বিশ্বনাথ সমষ্টিত ৪ টা জিলা পৰিষদৰ অন্তৰ্গত ভোটাৰৰ সংখ্যা হৈছে ১,৬৮,৬১৯ গৰাকী।বিশ্বনাথ সমষ্টিত দুটা স্পৰ্শকাতৰ ভোট কেন্দ্ৰ চিহ্নিত হৈছে।

Advertisment

আনহাতে বিহালী সমষ্টিত ২১৫ টা ভোট কেন্দ্ৰ সাজু কৰা হৈছে। ইয়াৰে মহিলাৰ দ্বাৰা পৰিচালিত ভোট কেন্দ্ৰ হৈছে ১০ টা। বিহালী সমষ্টিৰ অন্তৰ্গত ৪ টকা জিলা পৰিষদৰ ভোটাৰৰ সংখ্যা হৈছে ১,৫১,৩৩৭ গৰাকী বিহালী সমষ্টিত ৫ টা স্পৰ্শকাতৰ ভোট কেন্দ্ৰ চিহ্নিত কৰা হৈছে।

বিশ্বনাথ