গোৰ্খা পৰিয়ালক মিঞাৰ লগত তুলনা জিলা আয়ুক্তৰ

গহপুৰ সমজিলাৰ হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত বালিগাঁৱৰ চাৰিটা গোর্খা সম্প্ৰদায়ৰ পৰিয়ালক উচ্ছেদ কৰাৰ এক ভয়াবহ ষড়যন্ত্ৰ ৰচনা কৰিছে এটা বিশেষ চক্ৰই।

author-image
Asomiya Pratidin
New Update
fsffsdfs

ডিজিটেল সংবাদ, গহপুৰঃ গহপুৰ সমজিলাৰ হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত বালিগাঁৱৰ চাৰিটা গোর্খা সম্প্ৰদায়ৰ পৰিয়ালক উচ্ছেদ কৰাৰ এক ভয়াবহ ষড়যন্ত্ৰ ৰচনা কৰিছে এটা বিশেষ চক্ৰই। এই উচ্ছেদৰ ষড়যন্ত্ৰত বিশ্বনাথ জিলাৰ জিলা আয়ুক্ত মুনিন্দ্ৰ নাথ ঙাটেই প্ৰত্যক্ষভাৱে সহযোগ কৰাৰ অভিযোগ উথাপন হৈছে।

Advertisment

বিগত প্ৰায় ৬০/৭০ বছৰ ধৰি বালিগাঁৱৰ একেটা স্থানতে বংশানুক্ৰম অনুসৰি বসবাস কৰি অহা পৰিয়াল কেইটাৰ ভিতৰৰ গোপাল শৰ্মা নামৰ ব্যক্তি জনলৈ বিশ্বনাথ জিলাৰ আয়ুক্ত মুনিন্দ্ৰ নাথ ঙাটেই ফোন যোগে উক্ত স্থান এৰি নেপাললৈ গুচি যাবলৈ ধমকি দিয়া বিষয়টোক কেন্দ্ৰ কৰি ব্যাপক উত্তেজনাৰ সৃষ্টি হৈছেত জিলাখনৰ গোৰ্খা ৰাইজৰ মাজত। "মিঞাক যেনেকৈ বুলডজাৰ লৈ খেদিছে তহঁতৰো ঘৰ জেচিবি লগায় গুড়ি কৰি দিম! মোৰ খেলা চাই লবি তহঁতে!" এনেদৰে গালি গলাজ দিয়া ফোন ৰেকৰ্ডিং ভাইৰেল হৈ পৰিছে। জিলা আয়ুক্ত মুনিন্দ্ৰ নাথ ঙাটেই এনেধৰণৰ ফোনত দিয়া ভাবুকিৰ পিছতে জাঙুৰ খাই উঠিছে বিভিন্ন গোর্খা সম্প্ৰদায়ৰ সংগঠন তথা সচেতন ৰাইজ।

ইফালে, বালিগাঁৱৰ উক্ত খিলঞ্জীয়া গোৰ্খা পৰিয়াল কেইটাক উচ্ছেদ কৰিবলৈ বিশ্বনাথ জিলাৰ জিলা আয়ুক্ত মুনিন্দ্ৰ নাথ ঙাটেই সম্পূৰ্ণ একপক্ষীয় নীতি গ্ৰহণ কৰাত জিলাখনৰ গোৰ্খা ৰাইজৰ লগতে গোৰ্খা জনগোষ্ঠীৰ বিভিন্ন দল সংগঠনৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আইন কানুনক ভৰিৰে মোহাৰি জিলা আয়ুক্ত মুনিন্দ্ৰ নাথ ঙাটেই এনেধৰণৰ কথাৰে গোপাল শৰ্মাক ভয় ভাবুকি দিয়া বিষয়টো ৰাজহুৱা হৈ পৰাৰ পিছত শনিবাৰে বালিগাঁৱত অনুষ্ঠিত হয় এখন বৃহৎ প্ৰতিবাদী সভা।

অসম গোৰ্খা সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক উপ সমিতিৰ আহ্বায়ক ৰত্ন বস্নেতে আঁত ধৰা সভাখনত সভাপতিত্ব কৰে বিশিষ্ট সমাজকৰ্মী পদ্ম শৰ্মাই। কেইবাশতাধিক গোৰ্খা ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাখনত সদৌ অসম গোৰ্খা ছাত্র সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি দিলীপ গজুৰেল,শিক্ষা সম্পাদক টিংক পৌড়েল,গহপুৰ জিলা গোৰ্খা সন্মিলনৰ সভাপতি নোমল বাচকোটা, সম্পাদক জয় দাহাল, বিশ্বনাথ জিলা গোৰ্খা ছাত্র সন্থাৰ সভাপতি সুনীল চুতাৰ,বিশ্বনাথ জিলা গোৰ্খা সন্মিলনৰ সভাপতি হৰি শৰ্মা, সাধাৰণ সম্পাদক হেমন্ত ভট্টাৰাই,বিশ্বনাথ জিলা নেপালী সাহিত্য সভাৰ সভাপতি লীলা তিমচিনা,বিশ্বনাথ জিলা গোৰ্খা স্বায়ত্ব শাসন দাবী সমিতিৰ সভাপতি ৰাম কুমাৰ প্ৰধান, অসম গোৰ্খা সন্মিলনৰ কেন্দ্ৰীয় সদস্য ভবেন আচাৰ্য,মিছামাৰী গাঁও পঞ্চায়তৰ সভাপতি দেৱ ঢকাল,গোৰ্খা স্বায়ত্ব দাবী সমিতিৰ কেন্দ্ৰীয় উপ সভাপতি ৰাম অধিকাৰী,গহপুৰ জিলা গোৰ্খা সন্মিলনৰ উপদেষ্টা ৰাজু গৌতম,কাৰ্য্যকৰী সভাপতি বীৰেণ গিৰি,উপ সভাপতি কিশোৰ ছেত্ৰী,নন্দ শৰ্মা,আগছু নেতা প্ৰকাশ খনাল, নোমল ভট্টৰাই, কুশল ভট্টৰাই, চিন্ময় ৰিজাল, সঞ্জীৱ ঘিমিৰে উপস্থিত থাকি সম্পূৰ্ণ একপক্ষীয় নীতি অৱলম্বন কৰি আইন কানুনক জলাঞ্জলী দি উক্ত গোৰ্খা পৰিয়াল কেইটাক মিঞাৰ দৰে খেদিবলৈ জিলা আয়ুক্ত গৰাকীয়ে গ্ৰহণ কৰা টোগলঘী কাণ্ডক কঠোৰ ভাষাৰে গৰিহণা দিয়ে।

সাতামপুৰুষীয়া ঐক্য সম্প্ৰীতিৰে যুগ যুগ ধৰি বসবাস কৰি অহা পৰিয়াল কেইটাক "নেপাললৈ গুছি যা" বুলি যি সাম্প্ৰদায়িক মন্তব্য কৰিছে এই মন্তব্যই প্ৰতিগৰাকী গোৰ্খা লোকৰ অন্তৰত আঘাট সনা বুলি অনুষ্ঠিত সভাই প্ৰস্তাৱ গ্ৰহণ কৰি এই বিষয়টো অসমৰ মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰে। এইক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে ইয়াৰ প্ৰভাৱ আগন্তুক ২৬'ৰ বিধান সভা নিৰ্বাচনত পৰিব বুলি মন্তব্য কৰে অনুষ্ঠিত সভাই। তদুপৰি এইগৰাকী জিলা আয়ুক্তই বিভিন্ন ক্ষেত্ৰত পক্ষপাতমূলক ভূমিকা লৈ অহা বুলিও মন্তব্য কৰি গোৰ্খা নেতা দিলিপ গজুৰেলে অতিশীঘ্ৰে এই জিলা আয়ক্ত গৰাকীক বিশ্বনাথৰ পৰা বদলি নকৰিলে জিলা খনত সাতামপুৰুষীয়া ঐক্য সম্প্ৰীতি নষ্ট হ'ব বুলি তেওঁ মন্তব্য কৰে। ইপিনে জিলা আয়ুক্ত গৰাকীয়ে গোপাল শৰ্মাক ফোনযোগে দিয়া উচ্ছেদৰ ভাবুকিৰ বিষয়টো ইতিমধ্যে মুখ্যমন্ত্ৰীক অৱগত কৰা বুলিও জানিব পৰা গৈছে।

গোৰ্খা গোৰ্খা জনগোষ্ঠী