পাঞ্জাৱ নেছনেল বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰত চোৰৰ চাফাই অভিযান

বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাৰ অন্তৰ্গত কুমলীয়া চেণ্টাৰৰ পাঞ্জাৱ নেছনেল বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰ (CSP)ত সংঘটিত হয় চুৰিকাণ্ড। চোৰে লুটি নিয়ে গ্ৰাহক সেৱা কেন্দ্ৰৰ গুৰুত্বপূৰ্ণ নথিপত্ৰৰ লগতে নগদ ধন।

author-image
Asomiya Pratidin
New Update
pnb

পাঞ্জাৱ নেছনেল বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰত চোৰৰ চাফাই অভিযান

ডিজিটেল সংবাদ, বিশ্বনাথঃ নিশা বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাৰ অন্তৰ্গত কুমলীয়া চেণ্টাৰৰ পাঞ্জাৱ নেছনেল বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰ (CSP)ত সংঘটিত হয় চুৰিকাণ্ড। চোৰে লুটি নিয়ে গ্ৰাহক সেৱা কেন্দ্ৰৰ গুৰুত্বপূৰ্ণ নথি-পত্ৰৰ লগতে নগদ ধন।

ইফালে, পুৱা গ্ৰাহক কেন্দ্ৰৰ স্বত্বাধিকাৰে গ্ৰাহক সেৱা কেন্দ্ৰটো খুলিবলৈ আহোতে প্ৰত্যক্ষ কৰে এই ঘটনা। ইতিমধ্যে বিশ্বনাথ আৰক্ষীয়ে এই চুৰিকাণ্ড সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

বিশ্বনাথ বিশ্বনাথ আৰক্ষী