বিশ্বনাথ নগৰত ব্যাপক বন্ধৰ প্ৰভাৱ...

শ্রম সংহিতা আৰু ৰাজহুৱা খণ্ড ব্যক্তিগতকৰণৰ নীতি বাতিল কৰা, ঠিকা শ্রমিকসহ সকলো শ্ৰমিকৰ ন্যূনতম মজুৰি মাহিলী ২৬০০০ টকা ঘোষণা কৰা,আঁচনিভুক্ত কৰ্মচাৰীক মাননিৰ সলনি মজুৰি দিয়াৰ দাবীৰে প্ৰতিবাদ...

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,বিশ্বনাথঃ  ৰাজ্যৰ বিভিন্ন জিলাৰ সমান্তৰালকৈ আজি বিশ্বনাথ জিলাতো ধৰ্মঘটৰ প্ৰভাৱ কৰা পৰিলক্ষিত হৈছে। শ্রম সংহিতা আৰু ৰাজহুৱা খণ্ড ব্যক্তিগতকৰণৰ নীতি বাতিল কৰা, ঠিকা শ্রমিকসহ সকলো শ্ৰমিকৰ ন্যূনতম মজুৰি মাহিলী ২৬০০০ টকা ঘোষণা কৰা,আঁচনিভুক্ত কৰ্মচাৰীক মাননিৰ সলনি মজুৰি দিয়া,মটৰ শ্ৰমিকৰ কল্যাণ আঁচনি ৰূপায়ণ নিশ্চিত কৰা,চাহ শ্ৰমিকৰ দিন হাজিৰা ৬৬১ টকা ধাৰ্য কৰা আৰু নির্মাণ শ্রমিক কল্যাণ পৰিষদৰ স্বকীয়তা ৰক্ষা কৰা ইত্যাদি দাবীত বিশ্বনাথত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

Advertisment

আজি বিশ্বনাথ চাৰিআলিৰ চিটোৰ অন্তৰ্গত অখিল ভাৰতীয় চাহ মজদুৰ সংঘ (ABCMS) কেন্দ্ৰীয় কমিটিৰ সভাপতি দীনেশ নায়ক, জিলা কমিটিৰ সম্পাদক ধীৰেন ভূমিজ, কেন্দ্ৰীয় সদস্য শিবনাথ তাঁতী, চিআইটিইউ বিশ্বনাথ জিলা সভাপতিৰ গংগা পৰাজুলীয়ে আদিয়ে একত্ৰিত হৈ বন্ধৰ সমৰ্থন কৰিছে। ইফালে সমগ্ৰ বিশ্বনাথতে যান বাহন চলাচল বন্ধ হোৱাৰ লগতে দোকান পোহাৰ বন্ধ দেখা গৈছে।

বিশ্বনাথ