/asomiyapratidin/media/media_files/2025/04/19/1il6euaCu1xlBxFqXtgc.jpg)
ডিজিটেল সংবাদ,বিশ্বনাথঃ বিশ্বনাথৰ মিজিকাত সংঘটিত হৈছে ভয়াৱহ পথ দুৰ্ঘটনা ৷ মিজিকা-তিনিসুতি পথত দুগৰাকী চাইকেল আৰোহীক এখন অচিনাক্ত বাহনেমহতিয়াই নিয়ে ৷ ফলত দুৰ্ঘটনাটোত থিতাতে নিহত হয় ৫৭ বছৰীয়া নন্দ কয়া আৰু ৩৪ বছৰীয়া সুনীল বিৰ্জা ৷
দুয়োজনৰে ঘৰ মিজিকাজান চাহ বাগিছাৰ পাথৰনদী লাইনত ৷ জানিব পৰা মতে, দমকল বহোৱা মিস্ত্ৰী হিচাবে কাম কৰিছিল দুয়োজনে ৷ কামৰ পৰা ঘৰলৈ উভতি অহাৰ পথতে এই দুৰ্ঘটনাটো সংঘটিত হয়।
ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়ে বাহনখনে পলায়নৰ চেষ্টা কৰিছিল যদিও পৰৱৰ্তী সময়ত জিনজিয়া আৰক্ষী থানাত আত্মসমৰ্পন কৰে দুৰ্ঘটনা সংঘটিত কৰা বাহনখনে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us