/asomiyapratidin/media/media_files/2024/12/16/K3Vd20UYOjniBwRplMrI.jpg)
ডিজিটেল সংবাদ,বিশ্বনাথ: বিশ্বনাথ জিলাৰ জিনজিয়া আৰক্ষী থানাৰ অন্তৰ্গত লাহৰীজানত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা। ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ডিভাইডাৰত প্ৰচণ্ড জোৰে খুন্দিয়াই ঘাইপথত বাগৰি পৰে AS-01-RC-4416 নম্বৰৰ এখন বলেৰো পিকাপ বাহন ৷ বাহনৰ ভিতৰত বহু সময় আৱদ্ধ হৈ থাকে চালকজন ৷
ইতিমধ্যে ঘটনা পিছতে জিনজিয়া আৰক্ষীয়ে স্থানীয় ৰাইজৰ সহযোগত বাহনৰ ভিতৰত আৱদ্ধ হৈ থকা চালক জনক উদ্ধাৰ কৰি বিশ্বনাথ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ বৰ্তমান পৰ্যন্ত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত চালকৰ পৰিচয় কি আৰু কৰ পৰা আহি আছিল সেই সন্দৰ্ভত জানিব পৰা যোৱা নাই।