ডিজিটেল সংবাদ,বিহালীঃ আম আদমি পার্টীৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি মেহুৱেল বসুমতাৰীক সভাপতি পদৰ পৰা অপসাৰণ কৰা হৈছে। দলে প্ৰকাশ কৰা এক বিবৃতিত উল্লেখ কৰে যে, সদ্য সমাপ্ত বিহালী বিধানসভা সমষ্টিৰ উপ নির্বাচনৰ প্ৰচাৰ আৰু অন্যান্য দলীয় কাম কাজৰ পৰা মেহুৱেল বসুমতাৰী অকর্তৃত্বশীলভাৱে আঁতৰি আছিল।
লগতে তেওঁ দল আৰু দলীয় প্রার্থীজনক কোনোধৰণৰ সহযোগিতা আগনবঢ়োৱাৰো অভিযোগ কৰে দলীয় নেতত্বই। এই সম্পৰ্কে ১৭ নৱেম্বৰত ৭ দিনৰ ভিতৰত উত্তৰ বিচাৰি মেহুৱেল বসুমতাৰীলৈ কাৰণ দর্শোৱাৰ জাননী প্ৰেৰণ কৰা হৈছিল যদিও নির্দিষ্ট সময়ৰ ভিতৰত তেওঁৰ পৰা কোনোধৰণৰ উত্তৰ পোৱা নগ'ল।
সেয়ে আম আদমি পার্টী, অসমৰ ৰাজ্যিক সভাপতি শ্রী মনোজ ধানোৱাৰ নির্দেশক্রমে বসুমতাৰীক আম আদমি পার্টীৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি পদৰ পৰা তৎকালে কার্যকৰী হোৱাকৈ অপসাৰণ কৰা হৈছে।
এই নির্দেশতে আম আদমি পার্টীৰ বিশ্বনাথ জিলাৰ পৰৱৰ্তী কাম কাজ চলাই নিবৰ বাবে আৰু স্থায়ী সভাপতি নিযুক্ত হোৱালৈকে জিলাৰ অন্যতম উপ সভাপতি শ্রী অনন্ত গগৈক ভাৰপ্ৰাপ্ত সভাপতি হিচাপে দায়িত্ব অর্পন কৰা হৈছে। পৰৱৰ্তী অনুশাসনমূলক ব্যৱস্থাসমূহৰ ওপৰত সিদ্ধান্ত গ্রহণ কৰিবলৈ এই নির্দেশনা দলৰ ৰাজ্যিক অনুশাসন সমিতিলৈ প্ৰেৰণ কৰা বুলি বিবৃতিত উল্লেখ কৰে।