ডিজিটেল সংবাদ, ধুবুৰী: দেশৰ সৰ্ব বৃহৎ ধুবুৰী-ফুলবাৰী দলঙৰ নিৰ্মাণ কাৰ্যৰ বুজ লোৱাৰ অৰ্থে বুধবাৰে সন্ধিয়া প্ৰায় ৬ বজাত ধুবুৰীৰ মতিৰচৰ এলেকাত আহি উপস্থিত হয় অসম বিধান সভাৰ সৰ্বদলীয় প্ৰতিনিধিৰ এটি দল। অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ নেতৃত্বত মুঠ ২৪ জনীয়া প্ৰতিনিধিৰ দলটোৱে আজি ধুবুৰী-ফুলবাৰী দলঙৰ নিৰ্মাণস্থলীলৈ আহি উক্ত দলঙৰ নিৰ্মাণ কাৰ্যৰ বুজ লয়।
ধুবুৰী-ফুলবাৰী দলঙৰ নিৰ্মাণ কাৰ্যৰ কাম-কাজ চাই অসম বিধান সভাৰ দলটোৱে সন্তুষ্টি প্ৰকাশ কৰে। অসম বিধান সভাৰ দলটোৱে এই সন্দৰ্ভত আজি ধুবুৰী জিলা আয়ুক্তৰ লগতে দলং খনৰ নিৰ্মাণ কাৰ্যৰ লগত জড়িত হৈ থকা এল এণ্ড টি কোম্পানীৰ কৰ্ম-কৰ্তা সকলৰ সৈতেও মত-বিনিময় কৰে।
ইপিনে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে সাংবাদিকৰে সৈতে হোৱা এক সাক্ষাৎকাৰত কয় যে, বৰ্তমানলৈ ধুবুৰী-ফুলবাৰী দলং নিৰ্মাণ কাৰ্যৰ ৫৪ শতাংশ কাম সম্পূৰ্ণ হৈছে। ২০২৭ চনৰ ভিতৰত দলঙৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ব বুলি তেওঁ আশা ব্যক্ত কৰিছে।
উল্লেখযোগ্য যে ধুবুৰীৰ পৰা মেঘালয়ৰ ফুলবাৰী লৈকে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰেদি নিৰ্মীয়মান ধুবুৰী-ফুলবাৰী দলঙৰ দৈৰ্ঘ্য হৈছে ১৯ কিলোমিটাৰ। এই দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা লৈ কেইবা হেজাৰ কোটি টকা ধাৰ্য কৰা বুলি জানিব পৰা গৈছে।