বিশ্বজিৎ ৰায়ৰ বিস্ফোৰণঃ দিনত টেটু ফালি চিঞৰা কোচ ৰাজবংশী নেতা ৰাতি হ'লেই মন্ত্ৰীৰ দুৱাৰে দুৱাৰে ঘূৰে...

ৰাজনৈতিক দলৰ হাতত বিক্ৰী যোৱাৰ বাবে কোচ ৰাজবংশীসকল পুনৰ জনজাতিকৰণৰ পৰা বঞ্চিত

author-image
Asomiya Pratidin
New Update
বিশ্বজিৎ ৰায়ৰ বিস্ফোৰণঃ দিনত টেটু ফালি চিঞৰা কোচ ৰাজবংশী নেতা ৰাতি হ'লেই মন্ত্ৰীৰ দুৱাৰে দুৱাৰে ঘূৰে...

biswajeet rai

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ দেশৰ ৫ খন ৰাজ্যৰ ১৫ জনগোষ্ঠীক কেন্দ্ৰীয় চৰকাৰে অনুসূচিত জনজাতিৰ মৰ্যদা প্ৰদানত অনুমোদন জনোৱাৰ পিছত কোকৰাঝাৰত কোচ ৰাজবংশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক বিশ্বজিত ৰায়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

Advertisment

তেওঁ কোচ ৰাজবংশী জাতীয় সংগঠনৰ নেতা সকল ৰাজনৈতিক দলৰ হাতত বিক্ৰী যোৱা বাবে কোচ ৰাজবংশীসকল পুনৰ জনজাতিকৰণৰ পৰা বঞ্চিত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে ।

কোকৰাঝাৰত বিশ্বজিৎ ৰায়ে কয় যে ১৯৯৬ চনত ৰাষ্ট্ৰপতিয়ে অধ্যাদেশৰ জৰিয়তে কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰাৰ পিছত সেই জনজাতিকৰণ এবছৰৰ ভিতৰতে নোহোৱা হ'ল । এয়া ভাৰতবৰ্ষত নজিৰবিহীন ঘটনা বুলি উল্লেখ কৰি প্ৰতিখন চৰকাৰে কোচ -ৰাজবংশীসকলক প্ৰতাৰণা কৰি আহিছে ।

অৱশ্যে চৰকাৰৰ প্ৰতাৰণাৰ বাবে কোচ ৰাজবংশীসকলৰ জাতীয় সংগঠন সমুহৰ নেতৃবৰ্গ দায়ী বুলি অভিযোগ কৰে । তেওঁলোকে দিনত চৰকাৰ, মন্ত্ৰী- বিধায়কক টেটু ফালি গালি পাৰে আৰু ৰাতি হ'লে মন্ত্ৰীৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰে।

তেনে নেতাৰ ল'ৰা -ছোৱালী বিশ্ববিদ্যালয় পালেগৈ অথচ তেওঁলোক এতিয়াও ছাত্ৰ নেতা হৈয়ে আছে । তেওঁলোক খুচুৰা পইচাত বিক্ৰী হয় বুলি অভিযোগ কৰি বিশ্বজিৎ ৰায়ে তেনে নেতাসকলক চিনাক্ত কৰাৰ সময় আহি পৰিছে বুলি উল্লেখ কৰে ।

স্কুটাৰ চলোৱা নেতাই বৰ্তমান ৫০ লাখ টকীয়া গাড়ীত ঘূৰি আছে বুলি মন্তব্য কৰি "আছে অস্ত্ৰ ধৰা নাই , ধৰিলে ৰক্ষা নাই" বুলি শ্লোগান দিলে জাতীয় সমস্যা সমাধান নহয় বুলি উল্লেখ কৰি তেনে নেতা সকলক উপলব্ধি কৰাৰ আহ্বান জনাইছে বিশ্বজিৎ ৰায়ে ।

বি জে পি চৰকাৰকো তুলাধুনা দি বিশ্বজিৎ ৰায়ে কয় যে কংগ্ৰেছক গালি দিয়া বি জে পি দলটোৱে এতিয়া কংগ্ৰেছক অনুসৰণ কৰিছে । ডবল ইঞ্জিনযুক্ত চৰকাৰ বুলি কোৱা বিজেপি চৰকাৰক প্ৰতাৰক আখ্যা দি বিশ্বজিৎ ৰায়ে কয় যে ২০১৪ চনৰ ১৯ এপ্ৰিলত বঙাইগাঁওৰ কাকৈজনাত নৰেন্দ্ৰ মোডীয়ে বিজেপি চৰকাৰ শাসনলৈ আহিলে ৬ মাহৰ ভিতৰত কোচ ৰাজবংশীক জনজাতিকৰণ কৰিম বুলি দিয়া প্ৰতিশ্ৰুতি কাৰ্যকাৰী নহ'ল ।

তাৰোপৰি কোচ ৰাজবংশীকে ধৰি আন ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ সন্দৰ্ভত ২০১৯ চনত ৰাজ্যসভাত উত্থাপন কৰা বিধেয়কখন মাথো কা আন্দোলন প্ৰশমিত কৰাৰ উদ্দেশ্যেহে আছিল বুলি মন্তব্য কৰি বিশ্বজিৎ ৰায়ে কেন্দ্ৰীয় চৰকাৰ , ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বিষাদগাৰ প্ৰকাশ কৰিছে ।

assam govt