/asomiyapratidin/media/media_files/2025/07/14/new-ap-web-4-2025-07-14-20-57-30.jpg)
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি বিশাখাপট্টনম বন্দৰত ২৭৬ কোটি টকাৰো অধিক মূল্যৰ একাধিক সামৰ্থ্য বৃদ্ধিৰ পদক্ষেপৰ শুভাৰম্ভ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিশাখাপট্টনম বন্দৰৰ বাবে নতুন সামৰ্থ্য সৃষ্টিৰ লক্ষ্যৰে মুঠ ১১৬ কোটি টকাৰো অধিক বিনিয়োগৰ ছয়টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে।
মুখ্য পদক্ষেপসমূহৰ ভিতৰত আছে বন্দৰ এলেকাত এটা বি-ৰেম্প নিৰ্মাণ (৩৩.৪৯ কোটি টকা) আৰু মীনপালন বন্দৰত নতুন ফিংগাৰ জেটী আৰু হোৱাৰ্ফ নিৰ্মাণ (৩২.৬১ কোটি টকা), যিয়ে সামগ্ৰীৰ সঞ্চালন বৃদ্ধি কৰিব আৰু স্থানীয় মীন পালন সম্প্ৰদায়ক উপকৃত কৰিব। কাৰ্যকৰী দক্ষতা বৃদ্ধিৰ বাবে বন্দৰটোৰও এছ টি টিত দুটা অতিৰিক্ত ব্ৰেষ্টিং ডলফিন (২০.৮৭ কোটি টকা) আৰু আম্বেদকাৰ শতবাৰ্ষিকী ফ্লাইঅ’ভাৰৰ পৰা এল-১৭ কৰিড’ৰলৈ সংযোগকাৰী এটা অতিৰিক্ত ৰেম্প (৮.৩১ কোটি টকা) নিৰ্মাণ কৰা হ’ব।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/07/14/bimstec-2025-07-14-20-54-06.jpeg)
ক্ৰুজ পৰ্যটন আৰু সংযোগ বৃদ্ধিৰ বাবে ক্ৰুজ টাৰ্মিনেলৰ ওচৰত এটা পাব্লিক প্ৰমেনেড (১৫.৯০ কোটি টকা) বিকশিত কৰা হ’ব, লগতে বন্দৰ এলেকাৰ ১৫ টা স্থানত শৌচাগাৰ ব্লক নিৰ্মাণ (৫.৫০ কোটি টকা) কৰা হ’ব, যিয়ে সুবিধা আৰু অনাময় ব্যৱস্থা উন্নত কৰিব। এই প্ৰকল্পসমূহে একেলগে বিশাখাপট্টনম বন্দৰক আধুনিক আৰু বিশ্বব্যাপী প্ৰতিযোগিতামূলক সামুদ্ৰিক কেন্দ্ৰ হিচাপে গঢ়ি তুলিব।
এই উপলক্ষে কেন্দ্ৰীয়মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী দৃষ্টিভংগীৰ দ্বাৰা ত্বৰান্বিত হৈ বিশাখাপট্টনম বন্দৰত ২৭৬ কোটি টকাৰো অধিক মূল্যৰ প্ৰকল্পৰ জৰিয়তে উল্লেখযোগ্য সামৰ্থ্য বৃদ্ধিৰ কাম ৰূপায়ণ হ'ব। এই প্ৰচেষ্টাসমূহে বন্দৰৰ আন্তঃগাঁথনি আধুনিকীকৰণ, মালবাহী সঞ্চালন দক্ষতা উন্নত কৰা আৰু বন্দৰটোক বিশ্বৰ শীৰ্ষ সামুদ্ৰিক কেন্দ্ৰ হিচাপে উন্নীত কৰাৰ লক্ষ্য ৰাখিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/07/14/bimstec-2025-07-14-20-54-30.jpeg)
এই নতুন প্ৰকল্পসমূহে মোদী চৰকাৰৰ বিশ্বমানৰ বন্দৰ আন্তঃগাঁথনি গঢ়ি তোলাৰ অটল প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰে, যিয়ে অৰ্থনৈতিক বৃদ্ধিৰ সুযোগ সৃষ্টি কৰিব আৰু ভাৰতৰ সামুদ্ৰিক সামৰ্থ্যক অধিক শক্তিশালী কৰিব। আধুনিক, দক্ষ আৰু জনকেন্দ্ৰিক সুবিধাৰ ভেটি স্থাপন কৰি আমি বিশ্বব্যাপী প্ৰতিযোগিতামূলক আৰু বহনক্ষম বন্দৰ খণ্ডৰ আমাৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ দিশত আগুৱাই গৈছোঁ, যিয়ে ভাৰতৰ বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা সামুদ্ৰিক খণ্ডক এক নতুন গতি দিব।"
আধুনিকীকৰণ আৰু দক্ষতা বৃদ্ধিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিশাখাপট্টনম বন্দৰত মুঠ ১৫৯.৯৬ কোটি টকাৰ প্ৰকল্পৰ শুভ উদ্বোধন কৰে। এই মুখ্য কামবোৰৰ ভিতৰত আছে নতুন অইল ৰিফাইনাৰী বাৰ্থ-২ (৪২ কোটি টকা) ৰ আৰম্ভণি আৰু ও এছ টি টি বাৰ্থত উন্নত অগ্নিনিৰ্বাপক সুবিধাৰ স্থাপন (২৭ কোটি টকা), যিয়ে তৰল মালৰ সুৰক্ষা আৰু সামৰ্থ্য বৃদ্ধি কৰিব। আন্তঃগাঁথনি উন্নয়নৰ ভিতৰত আছে আৰ-১০ এলেকাত এটা আচ্ছাদিত সংৰক্ষণ শ্বেড (২২.৫০ কোটি টকা), ডব্লিউ কিউ-৫ জংচনৰ পৰা ইছাৰ জংচনলৈ পথৰ উন্নতি (১৯.৬৯ কোটি টকা), আৰু কাষ্টমছৰ সীমাৰ দেৱালৰ সম্প্ৰসাৰণ (৭.১৭ কোটি টকা)।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/07/14/bimstec-2025-07-14-20-55-00.jpeg)
ডিজিটেল ব্যৱস্থা শক্তিশালী কৰাৰ বাবে, বন্দৰত নতুন আৰ এফ আই ডি গেট ব্যৱস্থাপনা ব্যৱস্থা (১৫ কোটি টকা), আধুনিক প'ৰ্ট অপাৰেটিং ছিষ্টেম (১০.৭৭ কোটি টকা), আৰু অত্যাধুনিক ভেচেল ট্ৰেফিক মেনেজমেণ্ট ছিষ্টেম (১৫.৮৩ কোটি টকা) প্ৰৱৰ্তন কৰা হ’ব, যিয়ে বিশাখাপট্টনম বন্দৰৰ স্মাৰ্ট, সুৰক্ষিত আৰু অধিক দক্ষ সামুদ্ৰিক কাৰ্যকলাপৰ প্ৰতিশ্ৰুতি ত্বৰান্বিত কৰিব।
এইবোৰে কেৱল বিশাখাপট্টনম বন্দৰৰ প্ৰতিযোগিতামূলক ক্ষমতা শক্তিশালী কৰাই নহয়, ইয়াৰ লগতে কৰ্মসংস্থাপন সৃষ্টি কৰিব, বাণিজ্যৰ সুবিধা বৃদ্ধি কৰিব আৰু বিশ্বৰ জাহাজ আৰু লজিষ্টিক নেটৱৰ্কত ভাৰতক অধিক গুৰুত্বপূৰ্ণ স্থানত প্ৰতিষ্ঠিত কৰিব বুলি সৰ্বানন্দ সোণোৱালে কয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/07/14/bimstc-2025-07-14-20-55-34.jpeg)
এই অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী (বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়) শান্তনু ঠাকুৰ, বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰণালয়ৰ সচিব টি. কে. ৰাম চন্দ্ৰন; বিশাখাপট্টনমৰ সাংসদ এম. শ্ৰীভৰত; বিমষ্টেকৰ সচিব প্ৰধান ইন্দ্ৰমণি পাণ্ডে আৰু বিশাখাপট্টনম বন্দৰ প্ৰাধিকৰণৰ অধ্যক্ষ ড°এম. অংগমুথুৰ লগতে চৰকাৰৰ অন্যান্য বিষয়াসকল উপস্থিত আছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us