/asomiyapratidin/media/media_files/2024/12/16/WqvJw3rKGHFEQf116Khq.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা: নগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত প্ৰাক্তন সাংসদ, প্ৰাক্তন মন্ত্ৰী, লিখক বিষ্ণু প্ৰসাদৰ "স্মৃতি আৰু চিন্তা" শীৰ্ষক প্ৰৱন্ধ সংকলন আৰু "মদাৰ ফুলৰ গোন্ধ" শীৰ্ষক গল্প সংকলনৰ উন্মোচনী অনুষ্ঠান অনুষ্ঠিত হয়। নগাঁও জিলা সাহিত্য সভাৰ কাৰ্যালয়, কমলা দেৱী তোদী স্মৃতি ভৱনত এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানত সভাপতিত্ব কৰে নগাঁও জিলা সাহিত্য সভাৰ সভাপতি থগিত মহন্তই।
অনুষ্ঠানটিত বৰ্ষীয়ান ৰাজনীতিবিদ তথা আজি উন্মোচন হোৱা গ্ৰন্থ সমূহৰ লিখক বিষ্ণু প্ৰসাদে ৰয় যে, "সাহিত্যিক মই নাছিলো কোনোকালে। কিন্তু জীৱনৰ বাস্তৱ অভিজ্ঞতা সমূহ লিখিছিলো। জীৱনৰ উপলব্ধি, অনুভৱ লিখি গৈছিলোঁ। মোৰ বন্ধুৰ তাগিদাত মই মোৰ জীৱন কথা লিখিছিলোঁ।"
বিয়লি অনুষ্ঠিত সভাখনিৰ আৰম্ভণিতে মুনিন্দ্ৰ শইকীয়াই সুধাকণ্ঠ ভূপেন হাজৰিকাৰ এটি গীত পৰিবেশন কৰে। নগাঁও জিলা সাহিত্য সভাৰ সম্পাদক ৰেৱত কুমাৰ হাজৰিকাই উদ্দেশ্য বাখ্যা আৰু প্ৰচাৰ সম্পাদক কল্যাণ কুমাৰ বৰাই আঁত ধৰা গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানটিত নগাঁও মহাবিদ্যালয়ৰ অধ্যাপক ড০ দীপক বৰাই মদাৰ ফুলৰ গোন্ধ শীৰ্ষক গল্প সংকলনৰ উন্মোচন কৰে।
ইফালে "স্মৃতি আৰু চিন্তা" শীৰ্ষক প্ৰৱন্ধ সংকলনটো উন্মোচন কৰি অৱসৰপ্ৰাপ্ত অধ্যাপক, গৱেষক লিখক ড০ সঞ্জীৱ বৰকাকতীয়ে "তেওঁৰ প্ৰবন্ধ সমূহত গভীৰ সমাজ চেতনাৰ পৰিচয় পোৱা যায়। সমাজৰ বিভিন্ন দিশৰ বিভিন্ন বিষয় তেওঁৰ অনুভৱ আৰু চিন্তাক আকৰ্ষিত কৰি আহিছ", তাৰে এটি সম্যক পৰিচয় পোৱা যায়।" বুলি ভাষন প্ৰদান কৰে।
অনুষ্ঠানত জিলা সাহিত্য সভাৰ উপ সভাপতি উপেন বৰা, প্ৰাক্তন উপসভাপতি ভৱেশ মেধি, লিখক নিৱন্ধকাৰ মোহিনী মোহন ডেকা, সাংবাদিক কনক হাজৰিকা, বীৰেণ বৰা, দিব্যজ্যোতি বৰুৱা, লিখক মৃদুপৱন বৰা, বৰক’লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ গুৰুমুখ সিং , কলংপাৰ কাকতৰ সম্পাদক ফজলুল হক মৰল, ৰাম কুমাৰ ভট্টাচাৰ্য, ৰাইডঙীয়া হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মুক্তি দাস, মুনিন্দ্ৰ শইকীয়া, চেনীৰাম শইকীয়া, স্বপ্না বৰাকে প্ৰমুখ্যে কৰি বিষ্ণু প্ৰসাদৰ পৰিয়ালবৰ্গও উপস্থিত থাকে।