অৱশেষত জামিন পাই মুকলি আকাশৰ তললৈ বিশাল-তাৰ্কিক

৭ মাহৰ অন্তত গুৱাহাটীৰ কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ আহিল তাৰ্কিক বৰাও। কাৰাগাৰত অকলে দিন কটাব লাগিব তাৰ্কিকৰ পত্নী তথা ট্ৰেডিং কেলেংকাৰীৰ অন্যতম অভিযুক্ত চুমি বৰাই।

author-image
Asomiya Pratidin
New Update
 মংনংম

ডিজিটেল ডেস্কঃ  মুকলি আকাশৰ তললৈ আহিল অনলাইন ট্ৰেডিং কেলেংকাৰীৰ অভিযুক্ত বিশাল ফুকন আৰু তাৰ্কিক বৰা। দুদিন পূৰ্বে জামিন লাভ কৰিছিল বিশাল-তাৰ্কিকে। বিশালৰ বিৰুদ্ধে থকা তিনিওটা গোচৰতে জামিন লাভ কৰি আজি ডিব্ৰুগড়ৰ কেন্দ্রীয় কাৰাগাৰৰ পৰা ওলাই আহিল বিশাল।

Advertisment

সামন্তৰালকৈ ৭ মাহৰ অন্তত গুৱাহাটীৰ কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ আহিল তাৰ্কিক বৰাও। কাৰাগাৰত অকলে দিন কটাব লাগিব তাৰ্কিকৰ পত্নী তথা ট্ৰেডিং কেলেংকাৰীৰ অন্যতম অভিযুক্ত চুমি বৰাই। উল্লেখ্য যে, ৰাজ্য কঁপোৱা বিয়োগোম অনলাইন ট্ৰেডিং কেলেংকাৰীত গ্ৰেপ্তাৰ হৈ এবছৰ ধৰি জে'লত থকা বিশাল ফুকন আৰু তাৰ্কিক বৰা

ইফালে চুমি বৰাই জামিনৰ বাবে এতিয়ালৈকে আবেদন কৰা নাই । ডিব্ৰুগড় সদৰ আৰক্ষী থানাত বিশাল, চুমি আৰু তাৰ্কিকৰ বিৰুদ্ধে ৩৫২/২৪ গোচৰৰ ভাৰতীয় ন্যায় সংহিতাৰ ৩১৬(২)৩১৮(৪) , ৪২০ আৰু অবৈধ ধন সৰবৰাহ ২০১৯ আইনৰ ২১(১)২১(২)২১(৩) অধীনত গোচৰ পঞ্জীয়ন হৈছিল। এই গোচৰটো ডিব্ৰুগড় নিম্ন আদালতত চলি আছে। যোৱা বছৰ ডিচেম্বৰত ডিব্ৰুগড় আৰক্ষীয়ে বিশাল, চুমি আৰু তাৰ্কিকৰ বিৰুদ্ধে আদালতত কেছ ডায়েৰী দাখিল কৰিছিল ।

বিশাল-চুমিৰ ট্ৰেডিং কেলেংকাৰী চুমি বৰা