মহাসংগ্ৰামৰ মহানায়িকাৰ প্ৰথম মৃত্যু বাৰ্ষিকী

গোৱালপাৰা জিলাৰ এক পিছপৰা অঞ্চল ঠাকুৰভিলা গাঁৱৰ পৰা অন্ধবিশ্বাসৰ বিৰুদ্ধে কৰা একক আৰু নীৰৱ আন্দোলনৰ বাবে বীৰুবালা ৰাভা সমাজ জীৱনৰ এক যুগান্তকাৰী আদৰ্শ।

author-image
Asomiya Pratidin
New Update
বীৰুবালাৰ আভা

বীৰুবালাৰ আভা

ডিজিটেল ডেস্কঃ অসমত প্ৰচলিত বিভিন্ন অন্ধবিশ্বাস, ডাইনী হত্যাৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত সচেতনতা আনিবলৈ আপ্ৰাণ চেষ্টা কৰা সাহসী যুদ্ধা গৰাকীয়েই হৈছে বীৰুবালা ৰাভা। গোৱালপাৰা জিলাৰ এক পিছপৰা অঞ্চল ঠাকুৰভিলা গাঁৱৰ পৰা অন্ধবিশ্বাসৰ বিৰুদ্ধে কৰা একক আৰু নীৰৱ আন্দোলনৰ বাবে বীৰুবালা ৰাভা সমাজ জীৱনৰ এক যুগান্তকাৰী আদৰ্শ। য’তেই অন্ধবিশ্বাস, ডাইনী সমস্যাই গা কৰি উঠিছিল, তাতেই বীৰুবালা ৰাভা উপস্থিত হৈ জনসধাৰাণক পৰিত্ৰাণৰ পথ দেখুৱাব সক্ষম হৈছিল। আজি এইগৰাকী নিৰ্ভীক সাহসী নাৰীৰ প্ৰথম মৃত্যু বাৰ্ষিকী। 

Advertisment

এটি সাধাৰণ পৰিয়ালত ১৯৫৪ চনত বীৰুবালা ৰাভাৰ জন্ম হৈছিল। শৈশৱৰ ঘৰখনত বহু কষ্টেৰে ডাঙৰ-দীঘল হোৱা বাবে তেওঁ মাত্ৰ পঞ্চম শ্ৰেণীলৈহে পঢ়া-শুনা কৰিছিল। ২০০০ চনৰ পৰাই তেওঁ সমাজত প্ৰচলিত ডাইনী প্ৰথাৰ বিৰুদ্ধে সৰৱ হৈ উঠিছিল। প্ৰথমতে গোৱালপাৰা জিলাতে ডাইনী হত্যাৰ বিৰুদ্ধে জনসচেতনতা আনিবলৈ চেষ্টা কৰিছিল। পাছলৈ সমগ্ৰ ৰাজ্যজুৰি অন্ধবিশ্বাস আঁতৰ কৰিবলৈ সংগ্ৰাম কৰিছিল। কেৱল বীৰুবালাৰ প্ৰচেষ্টাৰ বাবে ৩৪ গৰাকী লোকৰ অন্ধবিশ্বাসৰ বাবে প্ৰাণৰক্ষা পৰিছিল। ২০২১ চনত তেওঁক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছিল।

খাদ্যনলীৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল বিৰুবালা ৰাভা। ২০২৪ চনৰ ১৩ মে' তাৰিখে ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান, গুৱাহাটীত ৰাভাৰ মৃত্যু হয়। ৭৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে অক্লান্ত যুদ্ধাগৰাকীয়ে।

বীৰুবালা আজি নাই, কিন্তু তেওঁৰ আদৰ্শৰে পৰিপুষ্ট মিছন বীৰুবালাৰ বৰ্তমান সদস্যৰ সংখ্যা অগণন। ২০১১ চনত ডাইনী হত্যাৰ বিৰুদ্ধে তেওঁ গোৱালপাৰা জিলাত মিছন বিৰুবালা আৰম্ভ কৰিছিল। এই সদস্যসকলে বিভিন্ন সময়ত অসমৰ  ১৪খন জিলাত অন্ধবিশ্বাস আৰু ডাইনী সন্দৰ্ভত সজাগতা সভা, কৰ্মশালা আদি অনুষ্ঠিত কৰি আহিছে। “মিছন বীৰুবালাই’’ ডিব্ৰুগড় বিশ্ববিদ্যালয়কে ধৰি দুধনৈ মহাবিদ্যালয়, চাবুৱা ডি ডি আৰ কলেজ, ডিব্ৰু মহাবিদ্যালয়, ফিল’বাৰী কনিষ্ঠ মহাবিদ্যালয় আৰু ছেৰফাংগুৰি মিছন বীৰুবালাৰ কোষ (Working Cell) গঠন কৰিছে। ইয়াৰ মূল উদ্দ্যেশ্য হৈছে অন্ধবিশ্বাসৰ বিৰুদ্ধে সামাজিক সচেতনতা বৃদ্ধি কৰা আৰু নৱ প্ৰজন্মক উৎসাহিত কৰা। 

ডাইনী হত্যা বীৰুবালা ৰাভা