/asomiyapratidin/media/media_files/2024/12/17/JCtwBpZke7e1pEIJk3vS.jpg)
ডিজিটেল সংবাদ,গুৱাহাটীঃ মঙলবাৰে বৈষ্ণৱ পণ্ডিত, সত্রীয়া সংস্কৃতিৰ বিশিষ্ট সাধক সাহিত্যিক তথা চুনচালী প্ৰাথমিক বিদ্যালয়ৰ প্ৰাক্তন উপদেষ্টা প্ৰয়াত দ্ৰোণ ভাগৱতীৰ ৯৫ সংখ্যক ওপজা দিন উদযাপন কৰা হয় । বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী,শিক্ষক-শিক্ষয়িত্ৰী অভিভাৱক আৰু পৰিয়ালৰ সদস্যসকলৰ উপস্থিতিত বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয় বৈষ্ণৱ পণ্ডিত দ্ৰোণ ভাগৱতীৰ ৯৫ সংখ্যক ওপজা দিন ।
/asomiyapratidin/media/media_files/2024/12/17/vbAl9DZTWoJrClf4crW9.jpg)
পূৱাই বিদ্যালয় চৌহদত ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা বৃক্ষৰোপন কৰাৰ পিছত প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা হয়। গছ থাকিলেহে যে মানুহ থাকিব,গছৰ উপকাৰিতা ইয়াৰ লালন-পালন সম্পৰ্কে বিতং ব্যাখ্যা কৰাৰ পিছত প্ৰাচীৰ পত্ৰিকাৰ প্ৰয়োজনীয়তা সম্পৰ্কেও বক্তব্য ৰাখে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা দ্ৰোণ ভাগৱতী পাৰুল ভাগৱতী স্মৃতি ন্যাসৰ মূখ্য ন্যাসৰক্ষী হেমন্ত ভাগৱতীয়ে।
/asomiyapratidin/media/media_files/2024/12/17/uvRGVsCdbdN7vFzUiJ7Z.jpg)
উল্লেখযোগ্য যে অসমৰ পাঁচজন বিশিষ্ট ব্যক্তিৰ নামত পাঁচটাকৈ শ্ৰেণী কোঠাৰ নামাকৰণো কৰা হয় আজিৰ এই অনুষ্ঠানত। ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ নামত পঞ্চম শ্ৰেণী, ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ নামত চতুৰ্থ শ্ৰেণী,ড' ভূপেন হাজৰিকাৰ নামত তৃতীয় শ্ৰেণী,ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নামত দ্বিতীয় শ্ৰেণী আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ নামত প্ৰথম শ্ৰেণীৰ নামাকৰণ কৰা হয়।
/asomiyapratidin/media/media_files/2024/12/17/UxyfwBBjbcEZPEMnUT2P.jpg)
এই বিশিষ্ট ব্যক্তি সকলৰ সমাজলৈ আগবঢ়োৱা বিভিন্ন অৱদানৰ বিষয়ে ছাত্ৰ-ছাত্ৰী সকলক বিতংকৈ বুজাই দিয়া হয়। ভাষা, সাহিত্য,কলা সংস্কৃতিৰ পথাৰ চহকী কৰা তথা অসমক বিশ্বৰ বুকুত চিনাকী কৰি দিয়া ব্যাক্তি সকলৰ ভিতৰত যে এওঁলোক অন্যতম সেই বিষয়েও দ্ৰোণ ভাগৱতী পাৰুল ভাগৱতী স্মৃতি ন্যাসৰ মূখ্য ন্যাসৰক্ষী হেমন্ত ভাগৱতীয়ে ব্যাখ্যা কৰে। ইয়াৰ পিছতেই ছাত্ৰ-ছাত্ৰী,অভিভাৱক, শিক্ষক শিক্ষয়িত্ৰীৰ মাজত ভাগৱতী পৰিয়ালৰ ফালৰ পৰা কিছু লঘু আহাৰ বিতৰণ কৰি কাৰ্যসূচী সমাপ্তি কৰা হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us