আজি প্ৰমথেশ বৰুৱাৰ জন্মদিনঃ গৌৰীপুৰত দিনজোৰা কাৰ্যসূচীৰে পালন...

author-image
Asomiya Pratidin
New Update
আজি প্ৰমথেশ বৰুৱাৰ জন্মদিনঃ গৌৰীপুৰত দিনজোৰা কাৰ্যসূচীৰে পালন...

gouripur

ডিজিটেল সংবাদ ধুবুৰীঃ আজি বোলছবি পৰিচালক গৌৰীপুৰৰ ৰাজপলিয়াত জন্মগ্ৰহণ কৰা প্ৰমথেশ চন্দ্ৰ বৰুৱাৰ জন্ম দিৱস। সেয়েহ তেওঁৰ জন্মদিন আজি দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়।

Advertisment

উল্লেখ্য যে, ২৪ অক্টোবৰ ১৯০৩ চনত ধুবুৰীৰ গৌৰীপুৰৰ ৰাজপলিয়াত জন্মগ্ৰহণ কৰা প্ৰমথেশ চন্দ্ৰ বৰুৱা ভাৰতৰ প্ৰাক্‌-স্বাধীনতা যুগৰ এজন অভিনেতা, চলচ্চিত্ৰ পৰিচালক আৰু চিত্ৰনাট্যকাৰ সুলেখক আছিল । আজি তেওঁৰ জন্মৰ দিনটোৰ লগত সংগতি ৰাখি গৌৰীপুৰৰ প্ৰমথেশ বৰুৱা মহাবিদ্যালয়ত স্থাপিত তেওঁৰ আৱক্ষ মূৰ্তিত মাল্যদান, প্ৰদীপ প্ৰজ্বলন,পুষ্পাৰ্পন কৰাৰ লগতে মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ মফিজুৰ ৰহমান জোদ্দাৰে প্ৰমথেশ বৰুৱাৰ কৰ্মৰাজীৰ বিষয়ে আলোকপাত কৰে।

pramathesh baruah gouripur