/asomiyapratidin/media/media_files/2025/07/18/hfhfhff-2025-07-18-18-40-15.jpg)
ডিজিটেল সংবাদ, মঙলদৈঃ শুকুৰবাৰে অসম গণ পৰিষদৰ দৰং জিলা সমিতিৰ উদ্যোগত ৰাজ্যসভাৰ নৱনিৰ্বাচিত সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক সম্বৰ্ধনা জনায়। মঙলদৈ সনাতন ধৰ্মসভাৰ সভাগৃহত অনুষ্ঠিত হোৱা সম্বৰ্ধনা অনুষ্ঠানত দলৰ বহু নেতা-কৰ্মী উপস্থিত থাকে।
সভাত সাংসদ গৰাকীয়ে সদৰি কৰে যে, "এটা সময়ত দৰং জিলা অগপৰ দূৰ্গ আছিল। সেয়েহে দলৰ কৰ্মীসকলে ছিপাঝাৰত অসম গণ পৰিষদৰ বাবে আসন বিচৰাটো ডাঙৰ কথা নহয়। ছিপাঝাৰত দলৰ ভেটি শক্তিশালী হৈছে। ছিপাঝাৰত দলৰ ৮৫ ৰ পৰিৱেশ ঘূৰি আহিছে।"
ইফালে, এই সভাতে উচ্ছেদ সম্বন্ধেও সাংসদগৰাকীয়ে কৰে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য। তেওঁ উল্লেখ কৰে যে, "চৰকাৰী ভূমি বেদখল মুক্ত কৰিবই লাগিব। অসমত উদ্যোগ স্থাপনৰ স্বাৰ্থত চৰকাৰী ভূমি বেদখল মুক্ত হ'ব লাগিব। বেদখল মুক্ত নহ'লে অসমত উদ্যোগ স্থাপন কৰিব পৰা নাযাব। বেদখল মুক্ত হ'লেহে অসমৰ উন্নতি হ'ব" বুলি উল্লেখ কৰে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই।