ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত কাজিৰঙাত হব পক্ষী গণনা

ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত কাজিৰঙাত হব পক্ষী গণনা

ডিজিটেল সংবাদ, কাজিৰঙা : ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অনুষ্ঠিত হ'ব স্থায়ী জলচৰ আৰু পৰিভ্ৰমী পক্ষীৰ গণনা ৷ ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ প্ৰকল্প এলেকাৰ পূৱ অসম বন্যপ্ৰাণী বনসংমণ্ডল,নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ লগতে বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডল এলেকাত চলিব পক্ষীৰ গণনা ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ও ব্যাঘ্ৰ প্ৰকল্প সামৰি বিগত বৰ্ষত কৰা গণনাত মুঠ ১২৬ টা প্ৰজাতিৰ ৯৩৪৯১ টা পক্ষীৰ উপস্থিতি লাভ কৰিছিল উদ্যান কৰ্তৃপক্ষই ৷ সৰ্বাধিক ৯০০০ টা বাৰ হেডেড গোজ, অতিকৈ দুস্প্ৰাপ্য টোন্দ্ৰা,হোৱাইট ফ্ৰণ্টেড গোজৰ আগমন হৈছিল বিগত বৰ্ষত ৷

আগন্তুক ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত হবলগীয়া এই গণনাত এইবাৰ দাতিকাষৰীয়া বিদ্যালয়-মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলক প্ৰশিক্ষণ প্ৰদান কৰি গণনাত নিয়োজিত কৰা হব বুলি মত প্ৰকাশ উদ্যান কৰ্তৃপক্ষৰ ৷

উল্লেখ্য যে, প্ৰাথমিক পৰ্যবেক্ষণত এইবাৰ পক্ষীৰ সংখ্যা যথেষ্ট কম দেখি গণনাৰ ফলাফলে উৎকণ্ঠাৰে বাট চাইছে উদ্যান কৰ্তৃপক্ষই ৷ ২০২২-২৩ পৰ্যটন বৰ্ষত বৈকালতিল নামৰ অতি দুস্প্ৰাপ্য পক্ষী এবিধ দেখা পোৱা বুলি চৰ্চা হৈছে সামাজিক মাধ্যমত ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in