/asomiyapratidin/media/media_files/2025/07/16/xcxcxcxxcxcx-2025-07-16-15-00-06.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটীৰ চন্দন নগৰ নিৱাসী সৰবৰাহী মহিলা বীণা চক্ৰৱৰ্তীৰ বুধবাৰে পুৱা ১০.৩০ বজাত দেহাৱসান ঘটে। স্বৰ্গীয় নলীন চক্ৰৱৰ্তীৰ সহধৰ্মিনী বীণা চক্ৰৱৰ্তীৰ মৃত্যুৰ সময়ত বয়স আছিল ৯৩ বছৰ।
বীণা চক্ৰৱৰ্তী এগৰাকী সমাজপ্ৰিয়, সৰবৰাহী মহিলা আছিল। ৰাধানগৰ সাৰ্বজনীন দূৰ্গা পূজাৰ লগতো তেওঁ ওতঃপ্ৰোতভাৱে জড়িত আছিল। সত্য ছাই সংগঠনৰ সৈতেও জড়িত আছিল বীণা চক্ৰৱৰ্তী। তেখেতৰ মৃত্যুত অঞ্চলজুৰি পৰিছে শোকৰ ছাঁ।
মৃত্যুৰ সময়ত তেখেতে দুজন পুত্ৰ, দুগৰাকী বোৱাৰী, দুগৰাকী জীয়াৰী আৰু দুজন জোঁৱাইসহ চাৰিজন নাতি-নাতিনীক ইহ সংসাৰত এৰি থৈ যায়।