বীণা ভট্টাচাৰ্যৰ বিয়োগত যুৱ-ছাত্ৰ পৰিষদৰ শোক প্ৰকাশ...

আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচাৰ্যৰ মাতৃ বীণা ভট্টাচাৰ্যই বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লোৱাত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে শোক প্ৰকাশ কৰিছে।

author-image
Asomiya Pratidin
New Update
বীণা ভট্টাচাৰ্যৰ বিয়োগত যুৱ-ছাত্ৰ পৰিষদৰ শোক প্ৰকাশ...

ডিজিটেল ডেস্কঃ সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচাৰ্যৰ মাতৃ বীণা ভট্টাচাৰ্যই বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লোৱাত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে শোক প্ৰকাশ কৰিছে।পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পলাশ চাংমাই আৰু সাধাৰণ সম্পাদক বিজন বায়নে কয় যে-বীণা ভট্টাচাৰ্যৰ মৃত্যুয়ে সমগ্ৰ পৰিষদৰ প্ৰতিজন সদস্যক ম্ৰিয়মান কৰিছে।

Advertisment

আদৰ্শবান তথা সৰবৰহী মহিলা বীণা ভট্টাচাৰ্যই  অসমৰ বিভিন্ন সময়ত হোৱা আন্দোলনসমূহৰ পৰামৰ্শদাতা আছিল।নিজৰ ক্ষুদ্ৰ স্বাৰ্থ পৰিহাৰ কৰি গোটেই ঘৰখনকেই সংগ্ৰামৰ পীঠস্থলীলৈ ৰূপান্তৰিত কৰা মাতৃ গৰাকীৰ বিয়োগ অসমীয়া সমাজখনৰ কাৰণেই অপূৰণীয় ক্ষতি।

পৰিষদৰ লগতো তেখেতৰ স্মৃতি জড়িত হৈ থকা কথা দোহাৰে নেতাদ্বয়ে।লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ৷

অসম জাতীয়াবাদী যুৱ ছাত্ৰ পৰিষদ