/asomiyapratidin/media/media_files/2025/07/14/400-2025-07-14-09-39-09.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : ৰাজ্যখনৰ মিচিং জনগোষ্ঠীৰ সুপ্ত ক্ৰীড়া প্ৰতিভা প্ৰস্ফুটিত কৰাৰ এক উৎসাহজনক প্ৰয়াস গ্ৰহণ কৰিছিল মিচিং স্বায়ত্ব শাসিত পৰিষদে । পৰমানন্দ চায়েঙিয়া নেতৃত্বাধীন পৰিষদখনে এক সু পৰিকল্পিত চিন্তা চর্চাৰে আৰম্ভ কৰিছিল মিচিং স্বায়ত্ব শাসিত পৰিষদৰ চুপাৰ লীগ ফুটবল ।
পৰিষদৰ প্ৰতিটো সমষ্টিৰ পৰা প্ৰচুৰ সম্ভাৱনাপূৰ্ণ খেলুৱৈক বাচনি কৰি গঠন কৰা জ'নসমূহৰ মাজত চুপাৰ লীগ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰি যুৱ প্ৰজন্মৰ মাজত এক নব্য ক্ৰীড়া উন্মাদনা সৃষ্টি কৰিবলৈ সক্ষম হৈছিল পৰিষদ। পৰিষদৰ দ্বিতীয় চুপাৰ লীগৰ অন্তৰ্গত চি "জ'ন"ৰ এগৰাকী সুদক্ষ খেলুৱৈ হিচাপে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল ধেমাজিৰ প্ৰতিভাৱান যুৱক বিমান দলেয়ে ।
ধেমাজি জিলাৰ কলেজ তিনিআলিৰ বাসিন্দা মিচিং জনগোষ্ঠীৰ প্ৰবীণ অনাতাঁৰ শিল্পী মনোজ দলেৰ পু্ত্ৰ বিমান দলেৰ নিখুঁত ভৰিৰ যাদু আৰু প্ৰত্যুৎপন্নমতি কৌশলৰ জোৰত বিশ্বমুখী যাত্ৰা আৰম্ভ হৈছে। পৰিষদৰ চুপাৰ লীগৰ দ্বিতীয় সংস্কৰণৰ "চি জ'ন"ৰ প্ৰতিভাধৰ খেলুৱৈ বিমানে পৰিষদৰ পৰা নিৰ্বাচিত হৈ ঝাৰখণ্ডৰ বোকাৰোস্থিত "চেইল ফুটবল একাডেমী"ত ফুটবলৰ দীৰ্ঘদিনীয়া প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিছিল ।
প্ৰশিক্ষণ কালত বিমানৰ সুনিপুণ চমৎকাৰীতা প্ৰদৰ্শনৰ পৰৱৰ্তী সময়ত বিমান নিৰ্বাচিত হৈছে আন্তঃৰাষ্ট্ৰীয় স্তৰৰ ফুটবল প্ৰশিক্ষণৰ বাবে । শেহতীয়াকৈ নুমলীগড় ৰিফাইনেৰী ফুটবল একাডেমী দল আৰু ধেমাজি মৰ্নিং ক্লাবত খেলিবলৈ সুযোগ লাভ কৰা ধেমাজি কলেজ তিনিআলিৰ বাসিন্দা,উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ প্ৰতিভাধৰ বিমান দলেয়ে স্পেইনৰ মাৰ্ৱেলা আন্তঃৰাষ্ট্ৰীয় ফুটবল একাডেমীত প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত হৈছে ।
ধেমাজি জিলাৰ পৰা এজন প্ৰচাৰ বিমুখ যুৱকৰ ক্ৰীড়াৰ প্ৰেক্ষাপটত বিশ্বমুখী যাত্ৰাৰ খবৰে স্বাভাৱিকতে আনন্দ উল্লাসৰ ঢৌ প্ৰবাহিত কৰিছে সমগ্ৰ পৰিষদিয় এলেকাত । ঢকুৱাখনাৰ ইন্দুৰ গাঁৱৰ বংশোদ্ভব আঃছি মোকচান দলে বংশৰ এগৰাকী যুৱ প্ৰতিভাধৰৰ এনে ব্যুৎপত্তিত আত্মহাৰা আ:ছি মোকচান দলে পৰিয়ালবৰ্গই দেওবাৰে বিমানক উষ্ণ সম্বৰ্ধনা জনায় ।
মাছখোৱাৰ চিচিমুখত অনুষ্ঠিত হোৱা জনাকীৰ্ণ সম্বৰ্ধনা সভাত বিমান দলেক সমূহ ৰাইজ, বংশৰ জ্যেষ্ঠ ,কনিষ্ঠ সকলোৱে শুভেচ্ছামূলক সম্বৰ্ধনা জনায় । সভাত উপস্থিত থাকি যুৱ ক্ৰীড়াবিদ বিমানক অভিনন্দনসূচক বক্তব্য আগবঢ়াই সম্বৰ্ধনা জ্ঞাপন কৰে মিচিং জাতীয় সংগঠন টাকাম মিচিং পৰিণ কৌবাংৰ সভাপতি তিলক দলেয়ে ।
যুৱ ক্ৰীড়াবিদগৰাকীলৈ আৰ্থিক সহযোগিতা আগবঢ়োৱাৰো ঘোষণা কৰে কেন্দ্ৰীয় নেতাগৰাকীয়ে । যুৱ ক্ৰীড়াপ্ৰেমী বিমানৰ এনে ইস্পিত সাফল্যত ঢকুৱাখনা জিলা টি এম পি কে ,এম এম কে, পূব ঢকুৱাখনা আঞ্চলিক পঞ্চায়তৰ সদস্য অমৃত দলেয়ে আন্তৰিক অভিনন্দন জনায় ।