চোৰাং গৰুৰ বিৰুদ্ধে বিলাসীপাৰা আৰক্ষীৰ অভিযান

শুকুৰবাৰে নিশা বিলাসীপাৰা আৰক্ষীয়ে ১৭ নং  ৰাষ্ট্ৰীয় ঘাইপথত চোৰাং গৰুৰ বিৰুদ্ধে চলাই এক অভিযান । অভিযানত এ এছ ০১ – এইচ চি ৫৫৯৬ নম্বৰৰ ১২চকীয়া ট্ৰাকত তালাচী চলায়

author-image
Asomiya Pratidin
New Update
সৰবৰাহকাৰীক আটক

সৰবৰাহকাৰীক আটক

ডিজিটেল সংবাদ, বিলাসীপাৰা : শুকুৰবাৰে নিশা বিলাসীপাৰা আৰক্ষীয়ে ১৭ নং  ৰাষ্ট্ৰীয় ঘাইপথত চোৰাং গৰুৰ বিৰুদ্ধে চলাই এক অভিযান । অভিযানত এ এছ ০১ – এইচ চি ৫৫৯৬ নম্বৰৰ ১২চকীয়া ট্ৰাকত তালাচী চলায়। ট্ৰাকখনত অভিনৱ পন্থাৰে উন্নত জাতৰ ১৭ টা গৰু আৰু ১৯ পোৱালি গৰু জব্দ কৰিবলৈ সক্ষম হয়। 

Advertisment

উল্লেখ্য যে, বিহাৰৰ পৰা ট্ৰাকখনত গৰুসমূহ অমানৱীয়ভাৱে সৰবৰাহ কৰিছিল । আগৰতলা লৈ কঢ়িয়াই নি থকা অৱস্থাত গৰুভৰ্তি ট্ৰাকখনৰ খবৰ লাভ কৰি আৰক্ষীয়ে চলাইছিল অভিযান। 

চোৰাং গৰু
চোৰাং গৰু

 

এই অভিযানত ট্ৰাক চালক পৰমানন্দ চাহানীৰ লগতে গৰু সৰবৰাহকাৰী অনিল ৰাই়, জালাল উদ্দিন, জামাত আলী, সেখ শাহালম আলী আৰু সঞ্জয় ৰাইক আটক কৰি থানালৈ নিয়ে । জব্দকৃত গৰুসমূহ বাংলাদেশলৈ সৰবৰাহৰ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে । 

সৰবৰাহকাৰীক আটক
সৰবৰাহকাৰীক আটক

 

উল্লেখ্য যে, চৰকাৰ তথা প্ৰশাসনে অবৈধ গৰু সৰবৰাহ বন্ধ কৰাত কঠোৰ হোৱাৰ পিছতো এটা চক্ৰই  বিভিন্ন পন্থাৰে গৰু সৰবৰাহ কৰি আহিছে। বিলাসীপাৰা আৰক্ষীয়ে তেনে চোৰাং গৰুৰ বিৰুদ্ধে লোৱা পদক্ষেপক স্থানীয় একাংশ পৰিৱেশ সংগঠকে প্ৰশংসা কৰাৰ লগতে  ছিণ্ডিকেট চক্ৰটোৰ মূল নায়কক কৰায়ত্ত কৰিবলৈ দাবী উত্থাপন কৰিছে ।

bilashipara bilashipara police Assam police