তীৰ আৰু ক্ৰিকেট জুৱাৰ অবাধ ৰম্যভূমিত পৰিণত বিলাসীপাৰা

নীৰৱ আৰক্ষী, প্ৰশাসন...

author-image
Asomiya Pratidin
New Update
তীৰ আৰু ক্ৰিকেট জুৱাৰ অবাধ ৰম্যভূমিত  পৰিণত বিলাসীপাৰা

BILASHIPARA

ডিজিটেল সংবাদ ধুবুৰীঃ বিগত কেই দশক ধৰি ধুবুৰীৰ লগতে বিলাসীপাৰা, চাপৰ আদি অঞ্চলত তীৰ, আই পি এল ক্ৰিকেটৰ নামত চলি আহিছে জুৱাৰ ৰমৰমীয়া ব্যৱসায়। ধুবুৰী আৰু বিলাসীপাৰা আৰক্ষী প্ৰশাসনে গোপন বুজাবুজিৰে এনে ব্যৱসায় চলায় আছে বুলি সাধাৰণ ৰাইজে অভিযোগ উত্থাপন কৰি আহিছে।

Advertisment

অসমৰ মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ড্ৰাগছ,জুৱা,আই পি এল আৰু তীৰ খেলৰ পৰা অসম ৰাজ্যক সম্পূৰ্ণ মুক্ত কৰাৰ বাবে প্ৰতিশ্ৰুতি দি আহিছে যদিও এই প্ৰতিশ্ৰুতি বিলাসীপাৰা চহৰখনত অসাৰ হৈ পৰিছে। তীৰ, আই পি এল ক্ৰিকেটৰ খেলৰ অবাধ ৰম্যভূমিত পৰিণত হৈ পৰিছে সমগ্ৰ বিলাসীপাৰা।

চহৰখনত চুকে কোণে তীৰ বুকী আৰু আই পি এল জুৱাৰ দৃশ্য সহজলভ্য হৈছে।আনহাতে যোৱা ৩০ মে' তাৰিখে নিশা কোকৰাঝাৰ আৰক্ষীৰ এটা দলে চহৰখনৰ কহিনুৰ হোটেলত অভিযান চলাই ধুবুৰীৰ বিলাসীপাৰা আৰু কোকৰঝাৰত আই পি এল নামত জুৱাৰ ব্যৱসায় চলোৱা বৃহৎ চক্ৰটোৰ ৫ জন মূল সদস্যক আটক কৰিবলৈ সক্ষম  হয়।

পৰবৰ্তী সময়ত পাঁচগৰাকী জুৱাৰীৰ দলটোৱে জামিন লাভ কৰাৰ পিছত পুনৰ অবাধভাবে এনে বে-আইনী জুৱা আৰু তীৰ খেল চলাই থকা পৰিলক্ষিত হৈছে। উল্লেখ্য যে চহৰখনৰ আন বহুকেইজন তীৰ,আৰু আই পি এল বুকী তথা কুখ্যাত ব্যৱসায়ীকে যোৱা এটা দশক ধৰি বিলাসীপাৰাত কোটি কোটি টকা ধন ঘটি থকা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে, এই ধৰণৰ বে-আইনী খেলৰ গৰাখহনীয়াত পৰি সৰ্বস্বান্ত হৈছে এচাম লোক। অতি সাধাৰণভাবে জীৱনযাপন তথা দিন হাজিৰা কৰা বহুত লোক এই তীৰ আৰু আই পি এল জুৱাৰ কৱলত পৰি সৰ্বস্বান্ত হৈছে।

assam bilashipara dhubri