/asomiyapratidin/media/media_files/2025/07/08/web-ap-dhubri-2-2025-07-08-12-36-32.jpg)
ডিজিটেল ডেস্কঃ বিলাসীপাৰাৰ চাপৰত আজি চলা উচ্ছেদ অভিযানৰ মাজতে পৰিস্থিতি উত্তপ্ত হৈ পৰিছে। উচ্ছেদ কৰিবলৈ যোৱা আৰক্ষী, প্ৰশাসনৰ লোকক বাধা প্ৰদান কৰিছে স্থানীয় ৰাইজে। ভাঙিছে প্ৰশাসনৰ বাহন।
উল্লেখ্য যে চাপৰৰ সন্তোষপুৰ, চৰুৱাবাখৰা, চিৰাকুটাত আজি প্ৰশাসনে চলাইছে উচ্ছেদ অভিযান। দাবী কৰা হৈছে এই উচ্ছেদ অভিযান অসমৰ ইতিসাহৰ আটাইতকৈ ডাঙৰ উচ্ছেদ অভিযান।
আজি প্ৰশাসনে এই উচ্ছেদ চলাবলৈ যোৱাৰ সময়তে প্ৰথমে পৰিস্থিতি শান্তিপূৰ্ণ আছিল যদিও পৰৱৰ্তী সময়ত উত্তপ্ত হৈ পৰে। একাংশ উচ্ছেদিতই হাতে হাতে লাঠি, দা, কোঠাৰ আদি লৈ ঘৰ ভাঙিবলৈ অহা বুলড’জাৰ ভাঙিবলৈ খেদি যোৱাৰ লগতে শিল, ইটা আদি দলিয়াই বুলড’জাৰ ভাঙি পেলায়।
অৱশ্যে জানিব পৰা মতে বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিছে। উচ্ছেদস্থলীত উপস্থিত থকা প্ৰতিদিন টাইমৰ সাংবাদিকৰ আগত এগৰাকী উচ্ছেদিতই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, আমিও যেনেকৈ হওঁক পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰি আছো। বাহিৰা মানুহ আহি পৰিস্থিতি অনিয়ন্ত্ৰিত কৰিবলৈ চেষ্টা কৰিছে। তেনেকুৱা কাম নকৰিবলৈ আমাৰ ৰাইজৰ তৰফৰ পৰা অনুৰোধ জনাইছো। শান্তি ৰক্ষা কৰিবলৈ অনুৰোধ জনাইছো।
তাৰোপৰি তেওঁ মুখ্যমন্ত্ৰীলৈ আহ্বান জনাই কয়, মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি এটা কাম কৰিব, আমাৰ ইয়াৰ যি ৩,৫০০ বিঘা ভূমি আপুনি লৈছে, তাৰে ৫০০ বিঘা ভূমি আমাক দিয়ক। আপোনাৰ যেতিয়া ভৰ বাৰিষা ঘৰ ভাঙিব তেতিয়া আপোনাৰ কেনেকুৱা লাগিব?
ইফালে উচ্ছেদ স্থলীত উপস্থিত হোৱা শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ নেতা অখিল গগৈক আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে। জানিব পৰা মতে প্ৰথমে উচ্ছেদস্থলীলৈ যোৱাত অখিল গগৈক বাধা প্ৰদান কৰিছিল প্ৰশাসনে। সেই মতেই তেওঁ আৰক্ষীক সহযোগ কৰি প্ৰবেশ কৰা নাছিল উচ্ছেদস্থলীত।
তাৰ পৰা কিছু আঁতৰত তেওঁ স্থানীয় ৰাইজৰ সৈতে মতবিনিময় কৰিছিল। তেওঁ কোনোধৰণৰ উত্তপ্ত পৰিস্থিতি সৃষ্টি নকৰিবলৈয়ো বুজনি দিছিল উচ্ছেদিত ৰাইজক। ৰাইজক অৱগত কৰিছিল মুখ্যমন্ত্ৰীক তেওঁ উচ্ছেদিতক ৫০০ বিঘা ভূমি আৱণ্টন দিবলৈ।
পৰৱৰ্তী সময়ত তেওঁ আৰক্ষী অধীক্ষকৰ অনুৰোধত সেই স্থান ত্যাগ কৰিছিল। কিন্তু তাৰ ঠিক আধা ঘণ্টাৰ পিছতেই উচ্ছেদস্থলীত এক উত্তপ্ত পৰিস্থিতিৰ সূচনা হয়। তাৰ পিছতেই আৰক্ষীয়ে আটক কৰে বিধায়ক অখিল গগৈক। অৱশ্যে স্থানীয় লোকে অখিল গগৈক এইদৰে আটক কৰা কাৰ্যক বিৰোধিতা কৰিছে। স্থানীয় লোকে দাবী কৰিছে বাহিৰা একাংশ লোকে আহি উচ্ছেদস্থলী উত্তপ্ত কৰিবলৈ অহৰহ চেষ্টা কৰি আহিছে।
ইফালে আটক হোৱাৰ পূৰ্বে বিধায়ক অখিল গগৈয়ে প্ৰতিদিন টাইমৰ সাংবাদিকৰ আগত কয় যে, এই উচ্ছেদ সম্পূৰ্ণৰূপে অবৈধ, অসাংবিধানিক। এই গোটেই বিষয়টো গুৱাহাটী উচ্চ ন্যায়ালয়ত চলি আছে। এই উচ্ছেদ নকৰিবলৈ ন্যায়ালয়ে তিনিটা ষ্টে’অৰ্ডাৰ দিছিল। তথাপিও হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বেআইনী ভাৱে উচ্ছেদ অভিযান চলাইছে। এয়া সংখ্যালঘুৰ ওপৰত দাদাগিৰি। সংখ্যালঘুৰ বিৰুদ্ধে শত্ৰুতা, তাৰ বাহিৰে আন একো নহয়। ইতিমধ্যে মই মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতিছো।মুখ্যমন্ত্ৰীক মই স্পষ্টকৈ জনাইছো আপুনি ৫০০ বিঘা মাটি দিব লাগিব।
স্মৰ্তব্য, বিলাসীপাৰাত তাপ বিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণৰ বাবে ৩,৫০০ বিঘা ভূমিত অসমৰ ইতিহাসৰ আটাইতকৈ সৰ্ব বৃহৎ উচ্ছেদ অভিযান চলিছে।বিলাসীপাৰা সম-জিলাৰ চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত সন্তোষপুৰ, চিৰাকুটা আৰু চৰুৱাবাখৰা জংগল ব্লক গাঁৱত পুৱাৰে পৰা আৰম্ভ হৈছে প্ৰশাসনৰ এই বৃহৎ উচ্ছেদ অভিযান।
শ শ বুলড’জাৰ, আৰক্ষীৰ সমৰসজ্জাৰে এফালৰ পৰা ভাঙি পেলোৱা হৈছে ঘৰ। তাৰ পূৰ্বেই অৱশ্যে বহুতে নিজৰ ঘৰ ত্যাগ কৰি অন্য স্থানলৈ ৰাওনা হোৱাও পৰিলক্ষিত হৈছে।