বিলাসীপাৰাত ষট পূজাৰ আয়োজন...

বিলাসীপাৰা মহকুমাৰ বিভিন্ন অঞ্চলত উখল মাখল পৰিৱেশ

author-image
Asomiya Pratidin
New Update
বিলাসীপাৰাত ষট পূজাৰ আয়োজন...

বিলাসীপাৰা ষট পূজা

ডিজিটেল সংবাদ, বিলাসীপাৰাঃ কাতি মাহৰ শুক্ল পক্ষৰ চতুৰ্থী তিথিৰ পৰা সপ্তমী তিথিলৈ ৩ দিনীয়া কাৰ্যসূচীৰে দেওবাৰৰ পৰা বিলাসীপাৰাত ধুমধামেৰে ষট পূজাৰ আয়োজন কৰিছে। ষট পূজা উপলক্ষে বিলাসীপাৰাৰ গৌৰাং আৰু সাপটগ্ৰাম সোনকোষ নৈৰ পাৰত দেওবাৰে সন্ধিয়া অস্তগামী সূৰ্যক পূজা আৰু নিমন্ত্ৰণ আদি কাৰ্যসূচী সম্পন্ন কৰে আৰু কাইলৈ পুৱতি নিশা উদিত সূৰ্যক নিয়ম অনুসৰি পূজা অৰ্চনা কৰা হ'ব বুলি জনায়। গৌৰাং নৈৰ ঘাট সমূহত আজি সন্ধিয়াতে ভক্তৰ লগতে দৰ্শনাৰ্থীৰ ভীৰ কৰিছে।

উল্লেখ্য যে, কোভিড বিধিৰ বাবে বিগত দুটা বছৰে ষট পূজা উদযাপনৰ ক্ষেত্ৰত নিষেধ আৰোপ কৰা হৈছিল যদিও এইবেলি ভক্তসকলৰ মাজত ব্যাপক উৎসাহ উদ্দিপনা পৰিলক্ষিত হৈছে। আয়োজক সমিতিয়ে ষট পূজাৰ ঘাট সমূহ আটক ধুনীয়াকৈ সজাই পৰাই তুলিছে ।

আয়োজক সমিতিয়ে জনোৱা অনুসৰি, বিলাসীপাৰা মহকুমা প্ৰশাসনে গৌৰাং নৈৰ ঘাট পৰিস্কাৰ পৰিচ্ছন্ন কৰাৰ লগতে নিৰাপত্তা ব্যৱস্থাকে ধৰি আপৎকালীন চিকিৎসা সেৱা,এন ডি আৰ এফ বাহিনীৰ দল মেতায়েন কৰিছে। ষট পূজাক কেন্দ্ৰ কৰি বিলাসীপাৰা মহকুমাৰ বিভিন্ন অঞ্চলত এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে।

উল্লেখ্য যে, ষট পূজা হিন্দীভাষী বিহাৰী সম্প্ৰদায়ৰ মাজত সীমাবদ্ধ আছিল যদিও বৰ্তমান সময়ে এই পূজা সকলো ভাষা-ভাষীক সামৰি লোৱাত এই পূজাস্থলী সাম্প্ৰদায়িক সম্প্ৰীতি আৰু ভ্ৰাতৃত্ববোধৰ মিলন ভূমিত পৰিণত হৈছে।

আনহাতে ব্ৰহ্মপুত্ৰ নৈত ১৯৫০ চনৰ পৰাই নিৰবিচ্ছিন্নভাৱে বিলাসীপাৰৰ স্থানীয় ৰাইজে এই পূজা পালন কৰি আহিছে।

assam bilashipara sath puja dhuburi