/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/940c35e6-9799-4b95-b323-604a858abac2/raakh.jpg)
বিলাসীপাৰাত ৰাস যাত্ৰা
ডিজিটেল সংবাদ, বিলাসীপাৰাঃ বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষটো যোৱা ৭ নৱেম্বৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বিলাসীপাৰাৰ শ্ৰীশ্ৰী মদন মোহন গোপাল বিগ্ৰহ আখৰাত শ্ৰী কৃষ্ণৰ ৰাস যাত্ৰাৰ আৰম্ভ হয়। সোমবাৰে প্ৰথম দিনা আখৰা মন্দিৰত শ্ৰী কৃষ্ণৰ লগতে অষ্টসখী স্থাপন,পূজা,শ্ৰীশ্ৰী কৃষ্ণৰ লীলা কীৰ্ত্তন আদি কাৰ্যসূচী পালন কৰে।
উদযাপন সমিতিয়ে জনোৱা অনুসৰি, সন্ধিয়া অধিবাসেৰে পাতনি মেলা আখৰাত দ্বিতীয় দিনা মন্দিৰৰ নিত্য-নৈমিত্তিক কৰ্মাদিৰ উপৰি ৰাস উৎসৱৰ লগত সংগতি ৰাখি আন কেইবাটাও আধ্যাত্মিক, সাংস্কৃতিক আৰু লীলা কীৰ্ত্তন পৰিবেশন আদি কাৰ্যসূচী অনুষ্ঠিত হয়। কাইলৈ সন্ধিয়া ৭বজাৰ পৰা "বাউল সংগীত" পৰিবেশন কৰা হ'ব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/a83abbe6-c603-4a2c-bc86-65edd05adf6c/raakh1.jpg)
অন্যহাতে সাইথিয়া পশ্চিমবংগৰ পৰা বাউল সম্ৰাট, শ্ৰী কেশল ভাৰতী দাস বাউল সংগীত পৰিবেশন কৰিব বুলি ৰাস যাত্ৰা উদযাপন সমিতিৰ সম্পাদক জগন্নাথ সাহাই জানিবলৈ দিয়ে। শ্ৰীকৃষ্ণৰ ৰাস যাত্ৰা কেন্দ্ৰ কৰি অগণণ ভক্তৰ আগমনত আখৰাখন দ্বিতীয় বৈকুণ্ঠ হিচাপে পৰিলক্ষিত হৈছে।
উল্লেখ্য যে, যোৱা প্ৰায় সাতদশক পূৰ্বে শ্ৰীশ্ৰী মদন মোহন গোপাল বিগ্ৰহ আখৰাখন স্থাপন কৰা হৈছিল।