বিলাসীপাৰা ৰাস মহোৎসৱত লোকে লোকাৰণ্য...

যোৰহাট স্বৰ্ণগিৰী শিল্পী সমাজৰ দ্বাৰা ভাওনা প্ৰদৰ্শন আৰু বিৰাট মেলাৰো আয়োজন
লোকে লোকাৰণ্য বিলাসীপাৰা ৰাস মহোৎসৱ
লোকে লোকাৰণ্য বিলাসীপাৰা ৰাস মহোৎসৱ

ডিজিটেল সংবাদ, ধুবুৰীঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাৰ বিলাসীপাৰাতো অনুষ্ঠিত হৈছে ৰাস মহোৎসৱ। সমূহ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিয়ে লোকে লোকাৰণ্য হৈ পৰিছে ৬৪ তম ধুবুৰীৰ বিলাসীপাৰা ৰাস মহোৎসৱ।

উদযাপন সমিতিয়ে জনোৱা অনুসৰি যোৱা ৭ নৱেম্বৰৰ পৰা ১৬ দিনীয়া কাৰ্যসুচীৰে চলি আছে এই ৰাসমহোৎসৱ। উদ্বোধনীৰ দিনাৰে পৰা ৰাস মহোৎসৱথলীত অগণন লোকৰ সমাগম ঘটি আছে। ৰসচক্ৰকে ধৰি মূল তোৰণৰ সৌন্দৰ্যই ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। সুশীল দাসৰ তত্বাবধানত নিৰ্মাণ কৰা মূল মণ্ডপো আকৰ্ষণীয় ৰূপত জিলিকি উঠিছে।

ৰাসস্থলীত অষ্টসখীকে ধৰি শ্ৰীকৃষ্ণৰ লীলাৰ লগতে আন আন বিভিন্ন বিষয়ৰ ২৫ টাকৈ মৃন্ময় মূৰ্তিৰ প্ৰদৰ্শনী ষ্টল দিয়া হৈছে। এই ষ্টলসমূহৰ ভীতৰত শ্ৰীকৃষ্ণৰ জন্ম,মৎস্য অৱতাৰ,কুৰ্ম অৱতাৰ, পুতনা বধ,কংস বধ,গকুলে গমন,কালীয়া দমন,চক্ৰাসুৰ বধ,বকাসুৰ বধ আদি মৃন্ময় মূৰ্তিকে ধৰি ভিন ভিন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে আগবঢ়োৱা শিল্পকলা,আৰ্ট প্ৰৰ্দশনী,অসম চৰকাৰৰ বেচা-কিনা নিগম লিমিটেড বিভাগৰ নিজা ববীয়াকৈ বিপণন ষ্টল,শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গ্ৰন্থ বিনণন আৰু হস্ত শিল্পী বিক্ৰী কেন্দ্ৰ,ৰেড ক্ৰছ ছোচাইটিৰ আদি ষ্টলে ৰাইজৰ মন জয় কৰাৰ লগতে আকৰ্ষণৰ কেন্দ্ৰবিন্দুু হৈ পৰা বুলি জানিবলৈ দিয়ে।

বিলাসীপাৰা ৰাসৰ একাংশ মৃন্ময় মূৰ্তি
বিলাসীপাৰা ৰাসৰ একাংশ মৃন্ময় মূৰ্তি

আনহাতে মেলাখনত ভাৰতীয় ৰেডক্রছ ছোচাইটি বিলাসীপাৰা জিলা উপ শাখা আৰু ঔঁম নমঃ শিবায় মেডিকেলৰ সহযোগত পোন প্ৰথমবাৰৰ বাবে ৰাসমেলা ময়দানত বিনামূলীয়া স্বাস্থ্য আৰু তেজ পৰীক্ষা শিবিৰৰ আয়োজনে ৰাইজৰ ব্যাপক সমাদৰ লাভ কৰিছে। ৰাস মহোৎসৱৰ লগতে সংগতি ৰাখি ৰাস মহোৎসৱত যোৰহাট স্বৰ্ণগিৰী শিল্পী সমাজৰ দ্বাৰা ভাওনা প্ৰদৰ্শন আৰু বিৰাট মেলাৰো আয়োজন কৰা হৈছে। এই আনন্দমেলাতো অগণন লোকৰ ভিৰ।

উল্লেখ্য যে, ইয়াতে প্ৰায় তিনি দশকলৈকে হেৰুৱাই যোৱা পুতুল নাচ প্ৰদৰ্শনী,চাৰ্কাছ,মৌত কা কুঁৱা, কেইবা ধৰণৰ সৰু-ডাঙৰ নাগৰদোলা,মীনা বজাৰ,যাদু প্ৰদৰ্শনকে ধৰি বিভিন্ন খাদ্য আৰু মিঠাইৰ দোকান,বিপণীয়ে ৰাইজক আকৰ্ষণ কৰিছে।ৰাস মহোৎসৱ কাৰ্যসুচীত যাতে কোনে বিশৃংখল পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে বিলাসীপাৰা থানাৰ ভাৰ প্ৰাপ্ত বিষয়া সঞ্জিত কুমাৰ দাসৰ নেতৃত্বত আৰক্ষী প্ৰশাসনে কটকটীয়া নিৰাপত্তা ব্যবস্থা গঢ়ি তুলিছে। কোভিডৰ নীতি নিয়মৰ বাবে বিগত দুটা বছৰ ৰাসমেলা উদযাপনৰ ক্ষেত্ৰত বিধি নিষেধ আৰোপ কৰা হৈছিল যদিও এই বেলি বিলাসীপাৰাবাসী ৰাইজৰ মাজত ব্যাপক উৎসাহ উদ্দিপনা পৰিলক্ষিত হৈছে।

আনহাতে আন বছৰৰ নিচিনা মেলাখনত পৰিলক্ষিত চাৰিখনকৈ চলি থকা ৰকি খেল।চহৰখনৰ বুদ্ধিজীৱী তথা সামাজিক সংগঠনে তীব্ৰ গৰিহণা দি কয় যে, এনে ধৰণৰ জুৱা খেল বিলাসীপাাৰাৰ ঐতিহ্যমণ্ডিত ৰাসমহোৎসৱৰ ধৰ্মীয়,আধ্যাতিক আৰু গৌৰৱ বিনষ্ট কৰাৰ উপৰি বৰ্তমান সুন্দৰ,প্ৰগতিশীল আৰু আধুনিক সমাজখনত বেয়া উদাহৰণ দাঙি ধৰিছে বুলি সচেতন মহলে উল্লেখ কৰে।

উল্লেখ্য যে, জিলাখনৰ বিলাসীপাৰাৰ ইন্দ্ৰ নাৰায়ণ একাডেমী খেল পথাৰত অনুষ্ঠিত হোৱা বিলাসীপাৰা ৰাস মহোৎসৱ যোৱা ছয় দশক ধৰি জাতি,বৰ্ণ,ধৰ্ম,নিৰ্বিশেষে এক জাতি - এক প্ৰাণ হিচাপে পৰিগণিত হৈ আহিছে।

অন্যহাতে জানিব পৰা অনুসৰি যোৱা প্ৰায় দশক ধৰি ৰাসমহোৎসৱ উৎসৰ পৰা অহা আয়ৰ ধন সামাজিক আৰু উন্নয়নমমুলক কাম-কাজ ব্যয় কৰাৰ বিপৰীতে মূল কমিটিখনে আজিকোপতি আয়-ব্যয়ৰ হিচাপ ৰাজহুৱাকৈ তথ্য দাঙি ধৰা নাই বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে।

আৰু পঢ়কঃ কিম্বদন্তী লেখক ৰাস্কিন বণ্ডে উন্মোচন কৰিলে মনোজ কুমাৰ গোস্বামীৰ নতুন গল্প সংকলন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in