/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/403db476-7fe0-4669-92f1-2d4465149a25/download.jpg)
ডিজিটেল সংবাদ, ধুবুৰী: ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক নবীন সিঙে জিলাখনৰ বিলাসীপাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া টুগুল বড়োক শাস্তিমূলক বদলিৰ নিৰ্দেশ প্ৰদান কৰিছে। ডাম্পাৰ চালকক আটক কৰি এৰি দিয়াৰ বাবদ উৎকোচ সংগ্ৰহৰ অভিযোগত বড়োক বদলিৰ নিৰ্দেশ দিয়া হয়।
উল্লেখ্য যে, যোৱা ১৩ ফেব্ৰুৱাৰী বৃহস্পতিবাৰে বালি কঢ়িওৱা ডাম্পাৰ চালক এজনক আটক কৰি বিলাসীপাৰা আৰক্ষী থানা কাৰাগাৰত সুমুৱাই দি শাৰিৰীক নিৰ্যাতন চলায় বুলি ভুক্তভোগীয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰে।
পিছত আটকাধীন চালক জনক নিশা মুকলি কৰি দিয়াৰ নামত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া টুগুল বড়োই এক লক্ষ টকা উৎকোচ হিচাপে দাবী কৰা বুলি জানিব পৰা গৈছে। ৪০ হাজাৰ টকা চুক্তি কৰি ২০ হাজাৰ টকা নগদ আৰু ১০ হাজাৰ টকা মধ্যস্থতাকাৰী আমছুৰ উপসভাপতি মিৰাজুল ইছলামৰ ইউপিআই যোগে লৈ এৰি দিছিল চালক জনক।
ঘটনা সন্দৰ্ভত চালকজনে শুকুৰবাৰে গোচৰ তৰিছিল ধুবুৰী জিলা আৰক্ষী অধীক্ষক ওচৰত। সমগ্ৰ ঘটনা সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাত আৰক্ষী অধীক্ষকে তাৎক্ষণিক ভাবে বড়োৰ বিৰুদ্ধে শাস্তিমূলক বদলিৰ নিৰ্দেশ দিয়ে। ইয়াৰ পাছতে তেওঁক ধুবুৰী পিআই আদালতলৈ বদলি কৰা হয়।
আনহাতে চাপৰ আৰক্ষী চক্ৰ বিষয়া দিগন্ত বৰাক বিলাসীপাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী হিচাপে নিযুক্তি দিয়া হয়। শনিবাৰে ডাম্পাৰ চালক জনক বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়াৰ কাৰ্যালয়ত তদন্তৰ বাবে তলব কৰে।
আনহাতে ঘটনাত মধ্যস্থতাকাৰীৰ ৰূপত সাঙোৰ খোৱা আমছু নেতাজনে সম্প্ৰতি পলাতক হৈ পৰিছে বুলি জানিব পৰা গৈছে। সমগ্ৰ ঘটনাৰ এক উচ্চ পৰ্য্যায়ৰ তদন্ত কৰি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া টুগুল বড়োক নিলম্বনৰ দাবী জনাইছে স্থানীয় বিভিন্ন দল সংগঠনে।