বিলাসীপাৰাত এখন ৰভা তলীতে ১০জোৰ দৰা-কইনা বহিব বিয়াত...

"ছন্দম গোষ্ঠী" আৰু "বিলাসীপাৰা মানব সেৱা সমিতি"ৰ সহযোগত আৰু "মঞ্জুৰাৰাণী মে'মৰিয়েল ট্রাষ্ট"ৰ উদ্যোগত বিলাসীপাৰাৰ ইন্দ্ৰ নাৰায়ণ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত সমূহীয়া শুভ বিবাহ'ৰ বৰ্ণাঢ্য আয়োজন কৰিছে।

author-image
Asomiya Pratidin
New Update
ধুবুৰী.

ধুবুৰী.

ডিজিটেল সংবাদ, ধুবুৰীঃ  "ছন্দম গোষ্ঠী" আৰু "বিলাসীপাৰা মানব সেৱা সমিতি"ৰ সহযোগত আৰু "মঞ্জুৰাৰাণী মে'মৰিয়েল ট্রাষ্ট"ৰ উদ্যোগত বিলাসীপাৰাৰ ইন্দ্ৰ নাৰায়ণ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত সমূহীয়া শুভ বিবাহ'ৰ বৰ্ণাঢ্য আয়োজন কৰিছে।

ট্রাষ্টৰ সভাপতি ডাঃ কানু লাল দাস আৰু ছন্দম গোষ্ঠী'ৰ সঞ্চালক স্বপন দাসে কয় যে, কেৱল ধন আৰু পৰিয়ালৰ লোকৰ অভাবত  আজিও বহুত যুৱক যুৱতীয়ে অকলশৰীয়া জীৱন জাপন কৰি আহিছে। অকল এয়াই নহয় সমাজত কিছু প্ৰচলিত কু-সংস্কাৰেও এই ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰি আহিছে। আমি তেনে যুৱক -যুৱতী সকলক গৃহস্থাশ্ৰমৰে দাম্পত্য জীৱন অতিবাহিত কৰাৰ সামাজিক স্বীকৃতি দিয়াৰ প্ৰয়াস কৰা হৈছে।

এই উদ্দেশ্যৰে চহৰখনৰ আই, এন, এ, খেলপথাৰত ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে। ইতিমধ্যে বিবাহৰ শুভ দিন ২০ ফেব্ৰুৱাৰী ধাৰ্য কৰা হৈছে। বিবাহ লগ্ন সন্ধিয়া ৮ বজাৰ পৰা। এই লগনতে ধুবুৰী জিলাৰ লগতে নামনি অসমৰ বিভিন্ন প্ৰান্তৰ দহ যোৰ দৰা-কইনাই শুভ বিবাহ পাশত আবদ্ধ হব।সম্পূৰ্ণ সনাতনী বৈদিক পৰম্পৰাৰে অনুষ্ঠিত হবলগীয়া শুভ বিবাহৰ বাবে নিৰ্মাণ কৰি থকা হৈছে বিশাল অস্থায়ী পেণ্ডেল।

দৰা কইনাৰ বাবে নিৰ্মাণ কৰা হৈছে সুকীয় কোঠালী।দৰা ঘৰীয়া আৰু কইনা ঘৰীয়াসকলক অভ্যৰ্থনাৰ বাবে বিবাহথলীত নিৰ্মাণ কৰাহৈ ভোজনালয়, য'ত নিৰামিষ আহাৰৰে অভ্যৰ্থনা কৰা হব । তাৰোপৰি দহ যোৰ দৰা-কইনাৰ বাবে প্ৰস্তুত কৰি থকা হৈছে দহ টাকৈ কুঞ্জ। য'ত পুৰোহিতৰ বৈদিক মন্ত্ৰাচ্চাৰণৰে পবিত্ৰ যজ্ঞক সাক্ষী কৰি দৰা-কইনাই পাতনি মেলিব দাম্পত্য জীৱনৰ। 

বিবাহ পাশত আবদ্ধ হব বুলি জানিবলৈ দিছে। উল্লেখ্য যে, আয়োজক সকলে প্ৰতিযোৰ  নবদম্পতিক উপহাৰ হিচাপে দৰা-কইনাৰ বিবাহত প্ৰয়োজনীয় কাপোৰ,সাজ-সজ্জাৰ সৰঞ্জাম,মুকুট,মালা,চেণ্ডেল-জুতা,বাচন -বৰ্তন, তোষক, গাৰু, কম্বল, আঠুৱা, বিচনাৰ চাদৰ, খাট-পালং, আনলা,ড্ৰেচিং টেবুল, ট্ৰাঙ্ক, ষ্টিলৰ আলমিৰা আদি দিয়াৰ ব্যৱস্থা কৰিছে।

এই ব্যতিক্ৰমী ৰাইজক বিবাহ থলীত উপস্থিত থাকি নৱদম্পতি সকলক আশীর্ব্বাদ দি কৃতাৰ্থ কৰিবলৈ আয়োজক সকলে অনুৰোধ জনাইছে। উল্লেখ্য যে যোৱা ১৫ বছৰ পূৰ্বে 'ছন্দম গোষ্ঠী'য়ে এনে ধৰণৰ গণ বিবাহৰ আয়োজন কৰি যথেষ্ট সমাদৰ লাভ কৰিছিল।

ধুবুৰী