/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/08/dangor-khobr-5.jpg)
ডিজিটেল সংবাদ, বিলাসীপাৰাঃ ধুবুৰী জিলাৰ বিলাসীপাৰা আৰক্ষীৰ বৃহৎ সফলতা। যোৱা ৯ অক্টোবৰত চহৰ খনৰ মাজমজিয়াত থকা শ্ৰী শ্ৰী হনুমান মন্দিৰত এক চুৰি কাণ্ড সংঘটিত হৈছিল। চোৰে দেওবাৰে নিশা প্ৰচণ্ড বৰষুণৰ সুযোগ লৈ মন্দিৰৰ পৰা দান পাত্ৰ ভাঙি নগদ ধন, আ-অলংকাৰ আৰু পূজাৰ বাচন-বৰ্তনসহ দুই লক্ষাধিক টকা মূল্যৰ সা-সম্পত্তি চুৰি কৰি লৈ যায়।
বিলাসীপাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জিত কুমাৰ দাস আৰু আৰক্ষীৰ উপ-পৰিদৰ্শক পদ্মপানী বৰাই ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বোজ লৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে। আৰক্ষীৰ দলটোৱে যোৱা ২৪ ঘণ্টাৰ ভিতৰত চহৰ খনৰ বিভিন্ন ঠাইত অভিযান চলাই মন্দিৰৰ চুৰি কাৰ্যৰ লগত জড়িত চাৰিটা চোৰক আটক কৰিবলৈ সক্ষম হয়।
চোৰ চাৰিটা জিতু দাস, জয়দেব দাস, আপিনুৰ শ্বেখ আৰু বলৰাম বিশ্বাস বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। আৰক্ষীয়ে চোৰ চাৰিটাৰ পৰা নগদ ৮,৫০০ টকা উদ্ধাৰ কৰে।
চোৰ কেইটাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি সোমবাৰে বিলাসীপাৰা মহকুমা আদালতত হাজিৰ কৰে বুলি বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়া বিৰিঞ্চি বৰাই জানিবলৈ দিয়ে।