বিলাসীপাৰাত অথন্তৰ, বিধায়ক ছামছুল হুদাই কৰিলে চূড়ান্ত অসভ্যালি

বিলাসীপাৰাত দলঙৰ আধাৰশিলা স্থাপন অনুষ্ঠানত হঠাতে লাগিল অথন্তৰ। অনুষ্ঠানটোত বিধায়ক ছামছুল হুদাই কৰিলে চূড়ান্ত অসভ্যালি। দলং নিৰ্মাণ কৰা মহৰীক সকলোৰে সন্মুখত প্ৰহাৰ কৰিলে বিধায়কগৰাকীয়ে। ছামছুল হুদাৰ এনে কৰ্ম-কাণ্ডক লৈ স্তম্ভিত হৈ পৰিল ধুবুৰী জিলাবাসী। 

author-image
Asomiya Pratidin
New Update
কলপুলিৰে প্ৰহাৰ বিধায়কৰ

কলপুলিৰে প্ৰহাৰ বিধায়কৰ

ডিজিটেল ডেস্ক, বিলাসীপাৰা: বিলাসীপাৰাত দলঙৰ আধাৰশিলা স্থাপন অনুষ্ঠানত হঠাতে লাগিল অথন্তৰ। অনুষ্ঠানটোত বিধায়ক ছামছুল হুদাই কৰিলে চূড়ান্ত অসভ্যালি। দলং নিৰ্মাণ কৰা মহৰীক সকলোৰে সন্মুখত প্ৰহাৰ কৰিলে বিধায়কগৰাকীয়ে। বিলাসীপাৰাৰ এআইইউডিএফৰ বিধায়ক ছামছুল হুদাৰ এনে কৰ্ম-কাণ্ডক লৈ স্তম্ভিত হৈ পৰিল ধুবুৰী জিলাবাসী ৰাইজ। 

Advertisment

মঙলবাৰে বিলাসীপাৰাৰ দৈখোৱা বজাৰত এখন আৰ চি চি দলঙৰ আধাৰশিলা স্থাপন অনুষ্ঠানৰ বাবে উপস্থিত হৈছিল পূৱ বিলাসীপাৰাৰ বিধায়ক ছামছুল হুদা। পিছে সেই ঠাইত উপস্থিত হৈ সৰু কলগছ দেখি খং উঠিল বিধায়কৰ। কলগছ লগোৱা ঠিকাদাৰ অবিনাশ আগৰৱালৰ কৰ্মচাৰীক সকলোৰে সন্মুখতে প্ৰহাৰ কৰাত লাগিল বিধায়ক হুদা। কেৱল ইমানেই নহয়, ঠিকাদাৰৰ মহৰীজনলৈ একপ্ৰকাৰৰ চোঁচা ল'লে বিধায়কে। দলং নিৰ্মাণৰ ঠিকা লাভ কৰা ঠিকাদাৰৰ কৰ্মচাৰীক ৰাজহুৱা স্থানতে মাৰধৰ কৰাক লৈ সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। আধাৰশিলা স্থাপন অনুষ্ঠানত এনে কাণ্ডৰ পাছত জনপ্ৰতিনিধি ছামছুল হুদাই কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেইয়া হ'ব লক্ষণীয়।

 

বিলাসীপাৰা এআইইউডিএফ বিধায়ক