দুই ফৈদৰ মাজত সংঘটিত প্ৰচণ্ড মাৰপিটত আহত কেইবাজনো লোক

বিলাসীপাৰাত সংঘটিত হৈছে ভয়ংকৰ মাৰপিটৰ ঘটনা। শগুণমাৰী দ্বিতীয় খণ্ড গাঁৱত দুই ফৈদৰ মাজত সংঘটিত হৈছে এই প্ৰচণ্ড মাৰপিট। এই মাৰপিটৰ ফলত আহত হৈছে দুই ফৈদৰ কেইবাজনো লোক। 

author-image
Asomiya Pratidin
New Update
ভয়ংকৰ মাৰপিট

ভয়ংকৰ মাৰপিট

 ডিজিটেল সংবাদ, বিলাসীপাৰা: বিলাসীপাৰাত সংঘটিত হৈছে ভয়ংকৰ মাৰপিটৰ ঘটনা। শগুণমাৰী দ্বিতীয় খণ্ড গাঁৱত দুই ফৈদৰ মাজত সংঘটিত হৈছে এই প্ৰচণ্ড মাৰপিট। এই মাৰপিটৰ ফলত আহত হৈছে দুই ফৈদৰ কেইবাজনো লোক। 

শগুণমাৰী গাঁৱ পঞ্চায়তৰ প্ৰাক্তন সভাপতিৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰাক লৈ সৃষ্টি হয় ৰণক্ষেত্ৰৰ। পৰিস্থিতি ইমানে ভয়ংকৰ হৈ পৰে যে- যিয়ে যাক যেনেকৈ পাৰিছে, তেনেকৈয়ে মাৰিছে । শগুণমাৰীৰ এই ভয়ংকৰ মাৰপিটৰ ঘটনা কেমেৰাত বন্দী হোৱাৰ পিছতে সৃষ্টি হৈছে ব্যাপক চৰ্চাৰ।  পৃথকে পৃথকে হোৱা এই ভয়ংকৰ ৰণক্ষেত্ৰৰ দৃশ্য দেখি চকু কপালত উঠিছে সাধাৰণ জনতাৰ। পৰৱৰ্তী সময়ত ঘটনাস্থলীত বিলাসীপাৰা আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। ভয়ংকৰ মাৰপিটৰ ঘটনাত আহত সকলোক বিলাসীপাৰা আদৰ্শ চিকিৎসালয়ত চিকিৎসা কৰি থকা বুলি জানিব পৰা গৈছে। 

উল্লেখ্য যে শগুনমাৰী গাঁও পঞ্চায়তত অকল কদমতোলা ২য় খণ্ড গাঁৱত বিগত ২০২১ বৰ্ষৰ পৰা ২৫ বৰ্ষ লৈ প্ৰায় ৭ কোটি টকাৰ চৰকাৰী আঁচনি ৰূপায়ণ কৰা হৈছে বুলি আৰ টি আই তথ্যত পোহৰলৈ আহিছে| কিন্তু গাঁও খনত ১ কেটি টকাৰ কামো কৰা নাই বুলি অভিযোগ উঠিছে পঞ্চায়তখনৰ প্ৰাক্তন সভাপতি আতোৱাৰ ৰহমান, নায়েৰ আলগাৰ বিৰুদ্ধে | যাৰ ফলত সৃষ্টি হয় এই মাৰপিটৰ ঘটনা।

মাৰপিট বিলাসীপাৰা